বৰপেটা, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ : দৰঙৰ বুঢ়া কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আন এক অনুৰূপ ঘটনা পোহৰলৈ আহিছে বৰপেটা জিলাত। বৰপেটাৰোড থানাৰ অন্তৰ্গত নিচুকা আৰু সৰভোগৰ পূব খুদনাবাৰীত আৰক্ষীৰ অমানৱীয় কাণ্ড। চিৰাং জিলাৰ আমগুৰি আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ।

১৭ ছেপ্টেম্বৰত নিশা আৰক্ষীয়ে এই বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগীৰ। অভিযুক্তক বিচাৰি গৰ্ভৱতী মহিলাসহ ৭জন লোকক আৰক্ষীয়ে নিৰ্মম শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে । আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ ফলত গৰ্ভপাত হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে খোদ মহিলাগৰাকীয়ে।

উল্লেখযোগ্য যে বৰপেটাৰোডৰ নিচুকাৰ ছহিদুল আলী নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আমগুৰিৰ এগৰাকী যুৱতীৰ। এসপ্তাহ পূৰ্বে যুৱতীগৰাকী গুচি আহিছিল ছহিদুলৰ ঘৰলৈ। যুৱতীগৰাকীৰ পিতৃ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আমগুৰি আৰক্ষীয়ে ১৭ ছেপ্টেম্বৰৰ নিশা ছহিদুলৰ ঘৰৰ দুৱাৰ ভাঙি অনধিকাৰ প্ৰৱেশ কৰে। তাৰ পিছতে পৰিয়ালৰ মহিলাৰ ওপৰত আৰক্ষীয়ে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ।