নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ জুন : বাহন আৰু চালকসকলৰ বাবে চৰকাৰৰ নতুন নিয়ম । কেবিনেটে অনুমোদন কৰিছে নতুন যান বাহন আইন সংশোধনী বিধেয়কত কেইবাটাও নতুন নিয়ম ।

এতিয়াৰে পৰা সুৰাপান কৰি গাড়ী চলালে চালকক ১০,০০০ টকাৰ জৰিমনা বিহা হ’ব।

ছিট বেল্ট নিপিন্ধিলে ভৰিব লাগিব ১,০০০ আৰু হেলমেট নিপিন্ধাকৈ বাইক চলালে ১,০০০ টকাৰ জৰিমনাৰ লগতে ৩ মাহৰ বাবে কৰ্তন কৰা হব গাড়ীৰ লাইচেন্স ।

লাইচেন্স নোহোৱাকৈ গাড়ী চলালে ভৰিব লাগিব ৫,০০০টকাৰ জৰিমনা ।

এম্বুলেন্স ,ফায়াৰ ব্ৰিগেডক বাট এৰি নিদিলে ১০,০০০টকাৰ জৰিমনা ভৰিব লাগিব।