গুৱাহাটী : উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে কাটি পেলোৱা হৈছে বহু গছ। উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গছ কটাকলৈ প্ৰকৃতি প্ৰেমী সকলৰ প্ৰতিবাদ। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰকৃতি প্ৰেমী সকলৰ লগতে জু ৰোডৰ স্থানীয় বাসিন্দা সকল। উন্নয়ন লাগিব কিন্ত গছ কাটি আমাক উন্নয়ন নালাগে বুলি মন্তব্য প্ৰকৃতি প্ৰেমী সকলৰ।

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা। যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰী গুৱাহাটীত দেখিবলৈ পোৱা যায় তীব্ৰ যানযঁত। ঘন্টাৰ পিছত ঘন্টা ধৰি মহানগৰবাসী ৰাজপথত আৱদ্ধ হৈ থাকিব লগীয়া হয় যানযঁতৰ বাবে। চৰকাৰে যানযঁতৰ সমস্যা ৰোধ কৰাৰ বাবে মহানগৰীৰ পথ সমূহ বহল কৰাৰ লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

ইতিমধ্যে মহানগৰীত নিৰ্মাণ কৰা হৈছে কেইবাখনো উৰণীয়া সেঁতু। বৰ্তমানেও কেইবাখনো উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ লগতে কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে কাটিব লগীয়া হৈছে গছ। বৰ্তমান নিৰ্মাণ কাৰ্য চলি থকা জু ৰোডৰ উৰণীয়া সেঁতুৰ বাবেও কাটিব লগীয়া হৈছে বহু গছ। ইতিমধ্যে ১৭ জোপাৰ বৃহৎ গছ কাটি পেলোৱা হৈছে জু ৰোডৰ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে।

জু ৰোডত নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেঁতুৰ বাবে গছ কটাকলৈ জাঙুৰ খাই প্ৰকৃতি প্ৰেমী সকল। গছ কটাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে প্ৰকৃতি প্ৰেমী সকলৰ লগতে জু ৰোডৰ স্থানীয় নাগৰিক সকল। শুকুৰবাৰে প্ৰকৃতি প্ৰেমী সকল আৰু জু ৰোডৰ স্থানীয় নাগৰিক সকলে উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে গছ কটাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰকৃতি প্ৰেমী সকলৰ লগতে জু ৰোডৰ স্থানীয় নাগৰিক সকলে।

প্ৰতিবাদকাৰী সকলে কয় যে উন্নয়ন লগে কিন্তু গছ কাটি আমাক কোনো কাৰণতে উন্নয়ন নালাগে। চৰকাৰে ইতিমধ্যে ১৭ টাকৈ প্ৰায় ৬০-৭০ বছৰীয়া গছ কাটি পেলাইছে। চৰকাৰে ইচ্ছা কৰিলে এই গছ সমূহ ৰক্ষা কৰিব পাৰিলেহেতেন কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলিও মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰে প্ৰকৃতি প্ৰেমী তথা জু ৰোডৰ স্থানীয় নাগৰিক সকলে। ইফালে চৰকাৰে কাটি পেলোৱা গছ তুলনাত অধিক গছ লগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও ইয়াক তীব্ৰ সমালোচনা কৰিছে প্ৰকৃতি প্ৰেমী সকলে।