ঐতিহাসিক ৰংচাই (লংচাই) বিলত চলিছে অবৈধ দখলৰাজ

In ৰাজ্য
TheChocolateRoomTezpur

আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ জিলাৰ ঐতিহাসিক ৰংচাই (লংচাই) বিলত চলিছে অবৈধ দখলৰাজ। শতিকাজুৰি মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা শ শ মৎস্যজীবিক উচ্ছেদ কৰাৰ ষড়যন্ত্রৰ অভিযোগ। ব্যৱসায়ী টায়েৰ বিৰুদ্ধে অবৈধ দখলৰ অভিযোগ। শিৱসাগৰ জিলা উপায়ুক্ত আৰু শিৱসাগৰ সমষ্টিৰ বিধায়কক অভিযোগ দাখিল। শিৱসাগৰ জিলাত অব্যাহত আছে ঐতিহাসিক স্থান সমূহৰ ভূমি দখল কৰাৰ প্ৰতিযোগিতা। এইবাৰ শিৱসাগৰৰ এখন ঐতিহাসিক বিলৰ ভূমি দখল কৰি নিৰ্মাণ কৰা হৈছে বৃহৎ বৃহৎ মীন পাম। ইয়াকেলৈ এতিয়া চৰকাৰক কৰ দিয়া শ শ মৎস্যজীবিৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানত আহোম প্ৰশাসনৰ বহু ঐতিহাসিক সৌধ আছে। অবিভক্ত শিৱসাগৰ জিলাখনতেই সৰু-বৰ মুঠ ৫৫৫ টা আহোম ৰাজ শাসনৰ স্থাপত্য আছে। এই সমূহ স্থাপত্যৰ গাতে লাগি আছে ঐতিহাসিক ৰংচাই (লংচাই বিল)। যি দৰে আহোম স্বৰ্গদেউ সকলে ৰংঘৰত উঠি বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি আনন্দ লৈছিল ঠিক তেনেদৰে ৰংচাই বিলতো (লংচাই বিলতো) মৎস্যৰ মেলাৰ আনন্দ লৈছিল। স্বৰ্গদেউ সকলৰ দিনতে এই ৰংচাই বিল আছিল মৎস্য চিকাৰ কৰাৰ এক উল্লেখনীয় স্থান।

স্বৰ্গদেউ সকলৰ দিনত এইখন ৰংচাইতে (লংচাই) মৎস্য চিকাৰ কৰাত স্বয়ং বহু কেইগৰাকী স্বৰ্গদেৱে অংশ লোৱা বুলি এক লোকবিশ্বাস আজিও প্ৰচলিত হৈ আছে। আহোম ৰাজ শাসনৰ অন্ত পৰাৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ লগতে শিৱসাগৰ জিলাখনতো শাসন চলোৱাৰ সময়ত এইখন ৰংচাই (লংচাই) বিলতে মৎস্য চিকাৰ কৰি সাধাৰণ জনতাই জীৱন নিৰ্বাহ কৰি আহিছিল। তাহানিৰ পৰা এতিয়ালৈকে এই ৰংচাই (লংচাই) বিলত মৎস্য চিকাৰ কৰাটো এক পৰম্পৰা হৈ পৰাৰ লগতে মসৎজীবি লোক সকলৰ বাবে এইখন বিল উপাৰ্জনৰ মুল আহিলা হিচাপে বিবেচিত হৈ আহিছে।

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগৰ তথা দিচাংমুখ গাঁও পঞ্চায়ত, পানবেচা গাঁও পঞ্চায়ত আৰু দিচাং ধাইআলি গাঁও পঞ্চায়তলৈকে বিস্তাৰিত হৈ থকা ৰংচাই (লংচাই) বিলত এতিয়া চলিছে ব্যাপক দখলৰাজ। উল্লেখ কৰাৰ প্ৰয়োজন যে এইখন ৰংচাই (লংচাই) বিলতে যুগ যুগ ধৰি দিচাংমুখ, পানবেচা, দিচাং ধাইআলি, আদি পঞ্চায়ত সমূহৰ বৃহৎ সংখ্যক মৎস্যজীবি লোকে মৎস্য চিকাৰ কৰি পৰিয়াল পোহপাল দি অহাৰ লগতে জীৱিকাৰ এক প্ৰধান সম্বল হিচাপে বাচি লৈছে। ইফালে চৰকাৰীভাৱেও এই বিলখন নিবিদা ভিত্তিত উচ্চ নিবিদাকাৰীক প্ৰদান কৰি অহা হৈছে। পৰম্পৰাগতভাৱে এই বিলতে মৎস্য চিকাৰ কৰি চৰকাৰক ৰাজহ দি অহা লোক সকল এতিয়া ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে দিচাংমুখ চুমনি গাঁৱৰ টায়ে উপাধিৰ এগৰাকী ব্যৱসায়ীয়ে।

এই গৰাকী ব্যৱসায়ীয়ে একমাত্ৰ ব্যক্তিগত স্বাৰ্থৰ বাবে শ শ মানুহৰ জীৱনক দুৰ্বিসহ কৰি ৰংচাই (লংচাই) বিলৰ চৌপাশে গঢ়ি তুলিছে অবৈধ নিৰ্মাণ। এই গৰাকী পুঁজিপতি ব্যৱসায়ীয়ে ঐতিহাসিক ৰংচাই (লংচাই) বিলৰ উজনি খণ্ডটো সম্পূৰ্ণৰূপে পুতি উক্ত ভুমিখণ্ডত নিৰ্মাণ কৰিছে বৃহৎ মীন পাম। এনেদৰে এখন চৰকাৰী বিল টায়ে আৰু তেওঁৰ পুত্ৰই অবৈধ দখলেৰে মীন পাম স্থাপন কৰি মৎস্যজীবি সকলক উচ্ছেদিত কৰাৰ যি ষড়যন্ত্ৰ কৰিছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি মৎস্যজীবি সকলে শিৱসাগৰ জিলা উপায়ুক্তক ইতিমধ্যে অভিযোগ দাখিল কৰিছে। ইয়াৰ সমান্তৰালভাৱে মৎস্যজীবি সকলে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈকো টায়ে আৰু তেওঁৰ পুত্ৰই ৰংচাই বিল অবৈধভাৱে দখল কৰি মৎস্যজীবি সকলক উচ্ছেদিত কৰাৰ ষড়যন্ত্ৰৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।

মৎস্যজীবি সকলৰ হৈ জিন্টু দাস আৰু ত্রৈলোক্য দাসে স্বাক্ষৰ কৰি জিলা উপায়ুক্তক দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰিছে যে ঐতিহাসিক ৰংচাই (লংচাই) বিলৰ ঐতিহাসিকভাৱে যি সীমা আছে এই সীমাৰ ভিতৰত যি সকল লোকে বৰ্তমান অবৈধভাৱে প্ৰৱেশ কৰাৰ লগতে ভূমি দখল কৰি ব্যৱসায় কৰি আহিছে তেওঁলোকক উচ্ছেদ কৰি মৎস্যজীবি সকলৰ বাবে বিলখনৰ সীমা মুকলি কৰি দিব লাগে। অন্যথা এই চৰকাৰী বিলখনত চৰকাৰক ৰাজহ দি মৎস্য চিকাৰ কৰি অহা মৎস্যজীবি সকলৰ জীৱন বিপদাপন্ন হৈ পৰিব বুলি উল্লেখ কৰিছে। উল্লেখ্য যে দিচাংমুখ ডেকা বৰবৰুৱা পথৰ দুয়োকাষে থকা ৰংচাই (লংচাই) বিলখনৰ বিভিন্ন স্থানত বহু লোকে মৎস্য পালনৰ বাবে বৃহৎ বৃহৎ মীন পাম স্থাপন কৰা পৰিলক্ষিত হৈছে। আচলতে এই ভূমি সমূহ চৰকাৰী আছিল নে ব্যক্তিগত কোনো লোকৰ পট্টাৰ ভূমি হয় ইয়াৰ এক নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি বহু সংখ্যক মৎস্যজীবিয়ে দাবী কৰিছে।

You may also read!

তিনিদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত জে চি আইৰ ৰাষ্ট্ৰীয় সভাপতি

গুৱাহাটী : দেশৰ আটাইতকৈ জনপ্ৰিয় আৰু সক্রীয়া স্বেচ্ছাসেৱী সংগঠন জুনিয়ৰ চেম্বৰ ইণ্টাৰনেচনেল চমুকৈ জে চি আই। ১০০ বছৰীয় পুৰণি

Read More...

অভিযুক্তক প্ৰহাৰ আৰু ধনদাবী কৰি গ্ৰেপ্তাৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ হুছেইন

নগাঁও : নগাঁও জিলাৰ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এতিয়া ৰঙা ঘৰৰ আলহী। কাৰণ

Read More...

বৰক্ষেত্ৰীৰ কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা

আজিজ আলী মুকালমুৱা : কেইজনমান সাধাৰণ যুৱকে দেখুৱালে মানৱতা। বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিলে কেইজনমান সাধানৰ যুৱক। নিজৰ গাঁঠিৰ ধন

Read More...

Mobile Sliding Menu