আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ জিলাৰ আমগুৰিৰ দ-ঘৰফলীয়াৰ পৰা কলেজীয়া ছাত্ৰী নিৰুদ্দেশ। আমগুৰিৰ দ-ঘৰফলীয়াৰ বাসিন্দা ফুলেশ্বৰী গগৈৰ কন্যা তথা আমগুৰি মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী বিউটি গগৈ ১১ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে এঘাৰ ফেব্ৰুৱাৰীৰ দিনা এগৰাকী বান্ধৱীৰ ওচৰলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে যুৱতী গৰাকী। বিউটি গগৈৰ নিৰুদ্দেশ হোৱাৰ পৰাই ঘৰখনত এতিয়া কান্দোনৰ ৰোল। পিতৃহীনা বিউটি গগৈৰ মাতৃ আৰু খুড়ায়েক কান্দোনত ভাগি পৰিছে।পৰিয়ালৰলোকে বিউটি গগৈক কোনো দুষ্ট চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

কোনো সদাশয় ব্যক্তিয়ে যদি বিউটি গগৈৰ কিবা সন্ধান লাভ কৰে তেনেহ’লে পৰিয়ালৰ ৬০০১৮৮৬৯৫৩ অথবা ৯৩৬৫৯২০৭৪৬ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে। ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে হালোৱাটিং থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও বৰ্তমানলৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ছাত্ৰীগৰাকীৰ।