আমিনুৰ ৰহমান

শিৱসাগৰ : শিৱসাগৰত উত্তপ্ত পৰিস্থিতি। ভয়ংকৰ ৰূপ ধাৰণ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ দাবীত বিভিন্ন দল-সংগঠনৰ উত্তাল প্ৰতিবাদ। আৰক্ষীৰ বাধা প্ৰদান প্ৰতিবাদকাৰীক। আৰক্ষীৰ সৈতে হতাহতি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদকাৰীৰ।

শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত বিভিন্ন দল-সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জৰাজীৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ঘাইপথ অৱৰোধ কৰি বিক্ষোপ প্ৰদৰ্শন কৰে বিভিন্ন দল-সংগঠনে। প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰাত প্ৰতিবাদস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

আৰক্ষীৰ বাধাক নেওচি প্ৰতিবাদকাৰী সকলে ৰাজপথ উত্তাল কৰি তোলাত আৰক্ষীৰ সৈতে হতাহতি পৰিলক্ষিত হয় প্ৰতিবাদকাৰী দল-সংগঠনৰ নেতা-কৰ্মীৰ। আৰক্ষীয়ে ডিঙিত ধৰি গতিয়াই দিয়ে প্ৰতিবাদকাৰী সকলক। আৰক্ষীকো প্ৰতিবাদকাৰী সকলে গতিয়াই দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। চাৰিলেন যুক্ত পথৰ নিৰ্মাণৰ কামত গাফিলতিৰ হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সচিব গিৰিধৰ আমানিৰ বাহন ৰখাই তীব্ৰ প্ৰতিবাদ ৰাইজৰ দল, ছাত্র মুক্তি সংগ্ৰাম সমিতি, জাতীয় সংগ্ৰামী সেনা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে শিৱসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ জৰাজীৰ্ণ হৈ পৰাত বিভিন্ন সময়ত পথ দুর্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। পথ দুর্ঘটনাত কেইবাজনো লোক নিহত আৰু আহত হৈছে।