গুৱাহাটী : কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাৰ ব্যতিক্ৰমী প্ৰতিবাদ। ঘোঁৰাত উঠি মহানগৰীৰ ৰাজপথত ঘূৰি ফুৰিছে কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মা। হ্ৰছ ট্ৰেডিঙ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঘোঁৰাত উটি প্ৰতিবাদ ৰাম প্ৰসাদ শৰ্মাৰ। মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলি অভিযোগ কৰি বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা গৰাকীৰ।

বিজেপি দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰা তেজপুৰৰ প্রাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথত ঘোঁৰাৰ ওপৰত উঠি ঘূৰি ফুৰা পৰিলক্ষিত হয়। মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ পৰা উচ্চ ন্যায়ালয়লৈ ঘোঁৰাৰ ওপৰত উঠি যাত্ৰা কৰে কংগ্ৰেছ দলৰ নেতা ৰাম প্ৰসাদ শৰ্মাই। হ্ৰছ ট্ৰেডিঙ আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ নেতা গৰাকীয়ে।

ৰাম প্ৰসাদ শৰ্মাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলে গুজৰাট মডেল কথা কয়, গুজৰাটৰ মডেল বিফল হৈছে এতিয়া। ৰাম প্ৰসাদ শৰ্মাই আৰু কয় যে বিজেপি চৰকাৰখনে বিনামূলীয়া স্কুটী দিছে কিন্তু এতিয়া এই স্কুটীত এতিয়া ২০০ টকাৰ তেল কেনেকৈ ভৰাব?

উল্লেখ্য যে পেট্ৰ’ল আৰু ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ জনতাক মাধমাৰ শোধাইছে। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত কংগ্ৰেছৰ দলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিদিনে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ আক্ৰমণ চলাই আছে। কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই ধনৰ বিনিময়ত বিক্ৰী যোৱা বিধায়ক সকলক ৬ বছৰৰ বাবে নিৰ্বাচন খেলাত বাধা প্ৰদানৰো দাবী জনায়।