গুৱাহাটী, ৭ ছেপ্টেম্বৰ, ২০২৩ :  বহুচৰ্চিত নিযুক্তি কেলেংকাৰীৰ (Cash For Job Scam) প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ উত্তাল কৰি তোলে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে৷ মূলতঃদিছপুৰৰ পৃষ্ঠপোষকতাত সংগঠিত হোৱা বুলি অভিযোগ উঠা উক্ত কেলেংকাৰীত জড়িত “ওপৰমহল”ৰ ব্যক্তিক চিনাক্ত কৰি আইনৰ কাঠগৰাত থিয় কৰোৱাৰ দাবী কৰি জাতীয়তাবাদী যুৱ সংগঠনটোৱে অসমৰ ৰাজ্যপাললৈ বুলি এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে৷

উল্লেখযোগ্য যে অসম চৰকাৰৰ বিভিন্ন বিভাগত হোৱা নিযুক্তিৰ বাবদ একাংশ চাকৰি প্ৰাৰ্থীৰ পৰা বিজেপি দলৰ একাংশ নেতা-নেত্ৰীয়ে ধন সংগ্ৰহ কৰাৰ এলানি ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছিল৷ উক্ত ঘটনাক্ৰমৰ সৈতে জড়িত এগৰাকী অভিযুক্তই আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিত প্ৰকাশ কৰিছিল যে তেওঁলোকে চাকৰি প্ৰাৰ্থীৰ পৰা তিনি লাখকৈ টকা লৈছিল আৰু তাৰে ৫০ হাজাৰ টকা নিজে ৰাখি বাকী আঢ়ৈ লাখ টকা “ওপৰ মহল”ত জমা দিছিল৷ কিন্তু এই “ওপৰ মহল”টো কোন, সেয়া এতিয়াও পোহৰলৈ অহা নাই৷

বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ ভাতৃসংগঠন জাতীয় যুৱ শক্তিয়ে বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত সংগঠিত উক্ত কেলেংকাৰীৰ স্বচ্চ আৰু নিৰপেক্ষ তদন্ত তথা অভিযুক্ত “ওপৰ মহল”ৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ দাবীত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক বিশাল প্ৰতিাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ জাতীয় যুৱ শক্তিৰ সম্পাদকত্ৰয় চন্দ্ৰপল বৰুৱা, ৰিদীপ ভূষণ নাথ আৰু ইফটিকাৰ হুছেইনৰ নেতৃত্বত তথা জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতি আৰু জাতীয় মহিলা শক্তিৰ সহযোগত হৈ যোৱা প্ৰতিবাদী কাৰ্যসূচীটোত অংশগ্ৰহণকাৰীসকলে “হিমন্ত চৰকাৰ মুৰ্দাবাদ, “চাকৰি নিযুক্তি কেলেংকাৰী বন্ধ কৰক, “ওপৰৰ মহলৰ ওপৰত তদন্ত আৰম্ভ কৰক, “ওপৰ মহলৰ দোষীক গ্ৰেপ্তাৰ কৰক” আদি শ্লোগানেৰে ৰাজপথ কঁপাই তোলে ৷

প্ৰতিবাদকাৰী সকলে শ্লোগান দিবলৈ আৰম্ভ কৰোতে আৰক্ষীয়ে বেৰিকেট সাজি বাধা দিয়ে যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাধা ওফৰাই আগবাঢ়ি যায়৷ আৰক্ষীৰ বাধাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষী তথা চি আৰ পি এফৰ ঠেলা-হেঁচাৰ সৃষ্টি হয়৷ ক্ষোভিত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ চি আৰ পি এফৰ জোৱানে কেইবাগৰাকী প্ৰতিবাদকাৰীৰ ওপৰত লাঠি বৰ্ষণ কৰে৷ আৰক্ষীয়ে অপ্ৰোচিত লাঠিচালনা কৰাৰ বাবেও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ আগত ক্ষোভ ব্যক্ত কৰে৷  এনেদৰে প্ৰায় আধা ঘন্টা জোৰা ঠেলা-হেঁচাৰ অন্তত পৰিস্থিতি শান্ত হয়৷ প্ৰতিবাদস্থলীত জাতীয় যুৱ শক্তিৰ তত্বাৱধায়ক তথা অসম জাতীয় পৰিষদৰ দুই সম্পাদক ৰাজু ফুকন আৰু উদ্দীপজ্যোতি গগৈ উপস্থিত থাকে৷

প্ৰতিবাদৰ শেষত নিযুক্তি কেলেংকাৰীৰ স্বচ্চ আৰু নিৰপেক্ষ তদন্তৰ দাবীত অসমৰ ৰাজ্যপাললৈ উদ্দেশ্যি লিখা এখন স্মাৰকপত্ৰ প্ৰশাসনৰ প্ৰতিনিধিৰ হাতত অৰ্পন কৰি প্ৰতিবাদকাৰীসকলে৷ স্মাৰকপত্ৰখনত কোৱা হয় যে চাকৰি কেলেংকাৰীৰ তদন্ত আৰক্ষীৰ দ্বাৰা কৰি থকা হৈছে যদিও তাৰ নিৰপেক্ষতা সন্দেহজনক৷ কিয়নো ধৃত দোষীয়ে “ওপৰ মহল”ৰ কোন নেতাক আঢ়ৈ লাখকৈ টকা জমা দিছিল, সেয়া অনুসন্ধানৰ ক্ষেত্ৰত আৰক্ষীয়ে হুঁহকা পিছলা কৰি থকাটো স্পষ্ট হৈছে৷ এই গতিত তদন্ত চলি থাকিলে কেলেংকাৰীৰ ৰৌ-বৰালি সাৰি যাব৷ তদুপৰি কেলেংকাৰীটোৰ সৈতে যি পৰ্যায়ৰ ব্যক্তি জড়িত হৈছে, তেওঁলোকক অসম আৰক্ষীয়ে ঢুকি নাপায়গৈ৷ গতিকে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন৷