গুৱাহাটী, ৪ ডিচেম্বৰ ২০২৩ : ৰাজ্যখনৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনজাতি মিচিং (Mising Community) সকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত মিচিং লোকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ। ইতিমধ্যে অসম চৰকাৰে ৰাজ্যিক বন্ধ আৰু ৰেষ্ট্ৰিকটেড হলিডেৰ তালিকা ৰাজহুৱা কৰিছে। অসম চৰকাৰে ঘোষণা কৰা ৰাজ্যিক বন্ধৰ তালিকাত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙ নথকাত ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে মিচিং জনগোষ্ঠীৰ লোকসকল।

সোমবাৰে মহানগৰীৰ খানাপাৰাৰ যোৰাবাটত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ নেতৃত্বত যোৰাবাট কাৰ্পূমপুলি আলি-আয়ে-লৃগাঙ উদযাপন সমিতিৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। মিচিং ৰেঙাম ইৰৰই, আলি-আয়ে-লৃগাঙ ইৰৰই, ৰেষ্ট্ৰিকটেড হলিডে আমাক নালাগে, ৰাজ্যিক বন্ধ আমাক লাগিবই, মিচিং জনগোষ্ঠীক লৈ ৰাজনীতি কৰা বন্ধ কৰক, মিচিং ৰাইজক ললিপোপ দিয়া বন্ধ কৰক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, ৰনোজ পেগু হায় হায় আৰু বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে গুৱাহাটী যোৰবাটৰ আকাশ, বতাহ উত্তাল কৰি তোলে।

সোমবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি আকাশ দলে, বিপুল কুটুম, জয়নাথ দলে আৰু মহেন্দ্ৰ ব কয় যে অসমৰ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে মিচিং জনগোষ্ঠীৰ প্ৰানৰো প্ৰাণৰ জাতিটোৰ আয়ুস ৰেখা সদৃশ জাতীয় উৎসৱ-আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ দাবীত আবেদন নিবেদন আৰু আন্দোলন প্ৰতিবাদৰ জৰিয়তে দাবী জনাই থকাৰ পাছতো আজিলৈকে ৰাজ্যিক বন্ধ ঘোষণা নকৰাটো আতি দূৰ্ভাগ্যজনক। মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙ এনে এক উৎসৱ যত মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি ৰীতি-নীতি আচাৰ ব্যৱহাৰ জীৱন ধাৰন প্ৰণালী প্ৰতিফলিত হয়। এক কথাত কবলৈ গ’লে আলি-আয়ে-লৃগাঙৰ দিনটোত সামগ্ৰিকভাৱে মিচিং জনগোষ্ঠীটোক অধ্যয়ন কৰাৰ সুযোগ লাভ কৰাৰ এনে এক উৎসৱত ৰাজ্যিক বন্ধ নিদি কেৱল মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্ত দহখন জিলা ক্ৰমে ধেমাজি, লক্ষীমপুৰ, মাজুলী, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত চৰকাৰী বন্ধ ঘোষণা কৰি মিচিং জনগোষ্ঠীক ললিপোপ দিছে।

আলি-আয়ে লৃগাংত ৰাজ্যিক বন্ধ মানে কেৱল চৰকাৰী বেচৰকাৰী কাৰ্যালয় বা স্কুল, কাছাৰী বন্ধ দিয়াটোৱেই নুবুজাই। যিকোনো এটা বিশেষ দিনত চৰকাৰী বন্ধ ঘোষণা হ’লে ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ জনসাধাৰনে সেই বিশেষ দিনটোৰ বন্ধক লৈ চৰ্চা কৰে আৰু তাৰ জৰিয়তে বিষয় বস্তুৰ তাৎপৰ্য প্ৰসাৰ আৰু প্ৰচাৰ হয়। ঠিক তেনেকৈ মিচিং সকলৰ জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত মিচিং সকলৰ ৰীতি-নীতি, ভাষা, সাহিত্য, সংস্কৃতি ইতিহাস আদিৰ প্ৰতিফলন ঘটোৱা হয়। গতিকে উক্ত বিশেষ দিনটোত চৰকাৰী বন্ধ ঘোষণা হ’লে উৎসৱটিৰ জৰিয়তে জনগোষ্ঠীটোক অধ্যয়ন, প্ৰচাৰ- প্ৰসাৰ, উত্তৰনৰ লগতে আমি সচৰাচৰ কৈ অহা আমাৰ থলুৱা জাতি জনগোষ্ঠী সমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন সেয়া বাস্তবায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহযোগ হয়। গতিকে চৰকাৰে আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিয়াৰ তাৎপৰ্য বুজি নাপালে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ’বই।

মিচিং জনগোষ্ঠীৰ ৰাইজে আলি-আয়ে-লৃগাঙত ঘোষণা কৰা দহখন জিলাৰ চৰকাৰী বন্ধ কোনো কাৰণতে মানি লোৱা নহ’ব আৰু যিকোনো মূল্যৰ বিনিময়ত মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱত ৰাজ্যিক বন্ধ দিবই লাগিব বুলি সকীয়াই দিয়ে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ নেতৃবৰ্গই। প্রতিবাদী কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱা যোৰাবাট কাৰ্পূমপুলি আলি-আয়ে-লৃগাঙ উদযাপন সমিতিয়েও চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰানোজ পেগুক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰতিবাদকাৰী সকলে আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিবলৈ দাবী জনায়।