গুৱাহাটী, ৫ ডিচেম্বৰ, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সোমবাৰে নাগালেণ্ড (Nagaland) ৰাজ্যৰ ৰে’ল প্ৰকল্প সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ক সাক্ষাৎ কৰে। ৰাজ্যখনৰ বিভিন্ন ৰে’লৱে প্ৰকল্পৰ সুগম আৰু সহজ কাৰ্যকৰীকৰণ সম্পৰ্কীয় সংশ্লিষ্ট ক্ষেত্ৰসমূহ নিৰ্ধাৰণ কৰাৰ বাবে যুটিয়াভাৱে বৈঠকখন অনুষ্ঠিত হৈছিল। 

মহাপ্ৰৱন্ধকে মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে যে নিৰ্মাণাধীন ধনশিৰি-জুবজা নতুন ৰে’লপথ প্ৰকল্পত ম’লভম আৰু ফেৰিমালৈকে ৰে’ল সংযোগ ছেপ্টেম্বৰ, ২০২৪ ৰ ভিতৰত সম্পন্ন কৰা হ’ব। ৰাজ্য প্ৰশাসনৰ অনুৰোধ মৰ্মে ৰে’লৱেই মোলভমত এটা গুডচ য়াৰ্ডো বিকশিত কৰিব। মহাপ্ৰৱন্ধকে লগতে আশ্বাস দিয়ে যে ৰাজ্যখনৰ প্ৰয়োজনীতা অনুসৰি উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰাজ্যখনত ৰে’লৰ আন্তঃগাঁথনি বিকাশিত কৰিব।

নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও ৰে’লৱে সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ৰাজ্যখনত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰাৰ হকে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অনুৰোধ গ্ৰহণ কৰে। এতিয়া তিনিমহীয়া ভিত্তিত সমিতিখনৰ বৈঠক আয়োজন কৰা হ’ব। উত্তৰ পূব সীমান্ত ৰে’লৱে এই অঞ্চলটোত ৰে’লৰ আন্তঃগাঁথনি পুনৰ নতুনকৈ নিৰ্ধাৰণ কৰাৰ লক্ষ্য ৰাখিছে। ২০২৬ চনৰ ভিতৰত কমিছনিং হ’বলগীয়া কোহিমা সংযোগ প্ৰকল্পৰ উপৰিও, উত্তৰ পূব সীমান্ত ৰে’লৱেই নাগালেণ্ড আৰু মণিপুৰৰ ৰাজধানী চহৰ ক্ৰমে কোহিমা আৰু ইম্ফলৰ মাজতো পোনপটীয়া ৰে’ল সংযোগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। 

মহাপ্ৰৱন্ধকে মুখ্যমন্ত্ৰীক ইয়াৰ স্থিতিৰ বিষয়েও অৱগত কৰে। জুবজা-ইম্ফল নতুন ৰে’লপথৰ বাবে ৰিকনেছান্স ইঞ্জিনিয়াৰিং কাম ট্ৰেফিক জৰীপ সম্পূৰ্ণ হৈছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই এতিয়া এই নতুন ৰে’লপথৰ বাবে চূড়ান্ত স্থান জৰীপ আৰম্ভ কৰাৰ পৰ্যায়ত আছে, যাৰ বাবে ইতিমধ্যে ঠিকা প্ৰদান কৰা হৈছে। লক্ষণীয়ভাৱে, উত্তৰ পূব সীমান্ত ৰে’লৱেই ২০২২ চনত নাগালেণ্ডত শোখুভি ৰে’ল ষ্টেচন মুকলি কৰিছিল, যিটো হৈছে ডিমাপুৰৰ পিছত ৰাজ্যখনৰ দ্বিতীয়টো ৰে’ল ষ্টেচন, যিটো ১০০ বছৰতকৈও অধিক সময়ৰ ব্যৱধানৰ পিছত মুকলি কৰা হৈছে। 

ভাৰতীয় ৰে’লৰ হৈ উত্তৰ পূব সীমান্ত কেইবাটাও নতুন ৰে’লপথ সংযোগ প্ৰকল্প নিৰ্মাণ কৰি উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজধানীক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰিবলৈ নতুন ৰে’লপথ নিৰ্মাণৰ কাম শীৰ্ষ অগ্ৰাধিকাৰ প্ৰকল্প হিচাপে গ্ৰহণ কৰা হৈছে।