আব্দুল হক

বাঘবৰ : বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ আছে বাঘবৰ। বিধায়ক গৰাকীৰ মুক্তিৰ দাবীত সমষ্টিবাসী ৰাইজে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে। দেওবাৰে নিশাৰ ভাগত বাঘমাৰা চৰত শ্বেৰমান আলী আহমেদৰ মুক্তিৰ দাবীত জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে বিধায়ক গৰাকীৰ সমৰ্থক সকলে।

https://youtu.be/_m4Af9TGwD0

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰত দেওবাৰে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। যোৱা ২ অক্টোবৰ তাৰিখে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক অসম আৰক্ষীয়ে দিছপুৰস্থিত বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা সমষ্টিৰটোৰ চুকে কোণে অব্যাহত আছে প্ৰতিবাদ। দেওবাৰে নিশা বিধায়ক গৰাকীৰ মুক্তিৰ দাবীত বাঘমাৰা চৰত শতাধিক লোকে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে।

বিধায়ক শ্বেৰমান আলী আহমেদৰ ওপৰত ষড়যন্ত্ৰ মূলকভাৱে নতুন নতুন গোচৰ জাপি দি মানসিক হাৰাশাস্তিৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে।প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰেই বিধায়ক শ্বেৰমান আলী আমেদক মুক্তি দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।