আজিজ আলী

মুকালমুৱা : শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ ভয় কালাৰ চৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ। শিক্ষা লাভ কৰিব নোৱাৰাৰ আশংকাত ভুগিছে কালা চৰৰ বৃহৎ সংখ্যা ছাত্ৰ-ছাত্ৰী। একাংশ অদুৰদৰ্শী লোকৰ বাবে চাৰি দশক পুৰণি শিক্ষানুষ্ঠানৰ অস্তিত্ব সংকটত। বিদ্যালয়খনৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাত কান্দোনত ভাঙি পৰিছে ছাত্ৰ-ছাত্ৰী সকল।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কালাৰ চৰত এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ অদুৰদৰ্শী লোকৰ বিদ্যালয়খনৰ অস্তিত্বৰ প্ৰতি আহি পৰিছে ভাবুকি। ফলত কান্দোনত ভাঙি প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল। কেইবাবাৰো ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ পৰা বিদ্যালয়খনক ৰক্ষা কৰা ৰাইজে এইবাৰ প্ৰতিবাদৰ জড়িয়তে বিদ্যালয়খনক ৰক্ষা কৰাৰ যুঁজ চলাইছে।

বৰক্ষেত্ৰী সমষ্টিৰ কালাৰ চৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত এটি বৃহৎ সংখ্যালঘু অধ্যুষিত অঞ্চল। এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা প্ৰদানৰ লক্ষৰে ১৯৭৮ চনত কালাৰ চৰৰ একাংশ সচেতন নাগৰিকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল চৰ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়। বিদ্যালয়খনত ১৯৯৩ চনত উচ্চতৰ শাখা সংযোজন কৰা হয়। কিন্তু এতিয়া এই বিদ্যালয়খনৰ অস্তিত্ব সংকটত।

বিদ্যালয়খন বৰ্তমান একাংশ লোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ধ্বংস হোৱাৰ পথত। বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ-ছাত্ৰী সকলে নিজৰ মৰমৰ বিদ্যালয়খন ৰক্ষা কৰাৰ বাবে ওলাই আহিবলৈ বাধ্য হৈছে। অঞ্চলটোৰ ৰাইজে পাঁচবাৰকৈ বিদ্যালয়খনক স্থানান্তৰ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিছে। কিন্ত এইবাৰ একাংশ লোকে নিজৰ ব্যক্তিগত স্বাৰ্থত বিদ্যালয়খন স্থানান্তৰ কৰিব ওলাইছে।

চৰ আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়খনক একাংশ লোকে নিজৰ ব্যক্তিগত স্বৰ্থত কালাৰ চৰৰ বৰ্তমানৰ স্থনৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীৰ অন্য এফালে স্থানান্তৰ কৰাৰ বাবে উঠি-পৰি লাগিছে। ফলত কালাৰ চৰৰ স্থানীয় নাগৰিক সকলক লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক ক্ষোভিত হৈ পৰিছে। স্থানীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰী সকলে কোনো কাৰণতে বিদ্যালয়খনক স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰিছে।

ইতিমধ্যে বিদ্যালয়খনৰ বৰ্তমানৰ স্তিতি সম্পৰ্কে বহুবাৰ বাতৰি সম্প্ৰচাৰ হৈছে যদিও বিদ্যালয়খনৰ স্থিতি উন্নত নহ’ল। বিদ্যালয়খন স্থানান্তৰ নকৰাৰ বাবে ৰাইজে দীর্ঘদিন ধৰি দাবী জনাই আহিছে যদিও শিক্ষা বিভাগৰ ফালৰ পৰাও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। ফলত বিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰী আৰু ৰাইজে প্ৰতিবাদত কৰিবলৈ বাধ্য হ’ল। স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি শিক্ষা বিভাগ হায় হায়, অধ্যক্ষ হায় হায়, আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অঞ্চলটোৰ স্থানীয় ৰাইজে ইতিমধ্য স্থানীয় বিধায়ক, জিলা প্ৰশাসন, বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষা বিভাগক বিদ্যালয়খন স্থানান্তৰ কৰাৰ স্পৰ্শকাতৰ বিষয়তো অৱগত কৰাইছে। কালাৰ চৰ গাঁও পঞ্চায়তৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ অন্য এটা পাৰৰ কাপলাবড়ী পাৰ হৈ ঘৰুৱাবহা নামৰ ঠাইলৈ বিদ্যালয়খন কেনেকৈ স্থানান্তৰ কৰিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। অতি স্পৰ্শকাতৰ এই বিষয়টো শিক্ষা বিভাগে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলিই অঞ্চলটোৰ স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে।