মানকাচৰ : ১২ জনীয়া এটা ডকাইতৰ দলৰ ডকাইতিকাণ্ড। ঘৰৰ ৮ জন সদস্যৰ হাত-ভৰি বান্ধি ডকাইতৰ দলে লুটি নিলে সকলো। নগদ ধন, অলংকাৰসহ লক্ষাধিক টকা মূল্যৰ সম্পত্তি লুটি নিলে ডকাইতৰ দলে। অসম-মেঘালয় সীমান্তত এজন কৃষকৰ ঘৰত সংঘটিত হৈছে এই ডকাইতিকাণ্ড।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত পানকাটা পুচকনিপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। শনিবাৰে নিশা ১২ জনীয়া এটা ডকাইতৰ দলে এজন কৃষকৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড।

মতলেব মোল্লা নামৰ এজন কৃষকৰ ঘৰত নিশাৰ ভাগত ১২ জনীয়া ডকাইতৰ দল প্ৰৱেশ কৰি ঘৰখনত থকা ৮ জনকৈ লোকৰ হাত-ভৰি বান্ধি নগদ ধন, অলংকাৰসহ লক্ষাধিক টকাৰ সম্পত্তি লুটি নিয়ে। ডকাইতৰ দলটোৱে ঘৰখনত প্ৰায় আধা ঘণ্টা ডকাইতিকাণ্ড চলায় বুলি জানিবলৈ দিয়ে কৃষক মতলেব মোল্লাই।

ডকাইতৰ দলটোৱে কৃষকজনৰ ঘৰৰ পৰা নগদ ৪৫ হাজাৰ টকা আৰু বহু অলংকাৰ লুটি নিয়াৰ লগতে ঘৰখনৰ সদস্য সকলক মাৰপিট কৰে। ডকাইতৰ দলটোৱে ঘৰখনৰ সদস্য সকলক এটা কোঠাত আৱদ্ধ কৰি পলায়ন কৰে। ঘটনাৰ খবৰ পাই পুৱাৰ ভাগত কালাপানী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

কালাপানী আৰক্ষীয়ে ডকাইতিকাণ্ড সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো ধৰণৰ সাফল্য লাভ কৰা নাই আৰক্ষীয়ে। মুখত ক’লা কাপোৰ বান্ধি হাতত চোকা অস্ত্ৰ লৈ ডকাইতৰ দলটো ঘৰখনত প্ৰৱেশ কৰি ডকাইতিকাণ্ড সংঘটিত কৰিছিল বুলি ভুক্তভোগী মতলেব মোল্লা আৰু তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।