আজিজ আলী

নলবাৰী : প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তৰ বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ সাংবাদিকৰ সৈতে মত বিনিময়। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী উপেক্ষিত হোৱাৰ বাবে চৰকৰলৈ প্ৰশ্ন প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীৰ। মুকালমুৱাত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোচিং চেণ্টাৰৰ পৰিকল্পনা অধ্যক্ষ গৰাকীৰ।

দেওবাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুকালমুৱাৰ বাসিন্দা ড° মনোজ কুমাৰ মহন্তই মুকালুৱাৰ চতেমৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী সকলৰ খবৰ ল’বলৈ চতেমাৰীত উপস্থিত হয়। স্থানীয় ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী সকলৰ ক্ষেত্ৰত চৰকাৰে কৰা বৈষম্যমূলক আচৰণৰ বাবে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ কুমাৰ মহন্তই ক্ষোভ ব্যক্ত কৰে।

ইয়াৰ পিচতে তেওঁ বৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মী সকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়। সংবাদ কৰ্মী সকলৰ সন্মুখতো চৰকাৰে শিপিনী সকলৰ ক্ষেত্ৰত কৰা অন্যায়ৰ প্ৰসংগ উত্থাপন কৰে ড° মনোজ কুমাৰ মহন্তই। নলবাৰী জিলাত অধিক শিক্ষানুষ্ঠানৰ পোষোকতা কৰি বিষয়টো সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে।

বৰক্ষেত্ৰীৰ মেধাবী ছাত্ৰ-ছাত্ৰীৰ সকলৰ বাবে মুকালমুৱাত সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এটি কোচিং চেণ্টাৰ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে বুলি মত পোষণ কৰে অধ্যক্ষ গৰাকীয়ে। কোচিং চেন্টাৰটোৰ পৰা বৰক্ষেত্ৰী অঞ্চলৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকল উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলোৰ বাবে এই কোচিং বিনামূলীয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে। সংবাদ কৰ্মী সকলৰ মাজত অধ্যক্ষ গৰাকীয়ে একোখন বেগৰ সৈতে মাক্স, কলম আৰু হেণ্ড চেনিটাইজাৰ বিতৰন কৰে।