অমিত বনিকৰ সহযোগত যতীন নাথ

তেজপুৰ : তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে অঘটন৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা গৃহৰক্ষী জোৱানে নিজৰ থ্ৰী নট থ্ৰী ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰে৷ মৃত গৃহৰক্ষী জোৱানজনৰ পৰিয়ালৰ দাবী, এইটো আত্মহত্যা নহয়, ই এক পৰিকল্পিত হত্যাকাণ্ড।

ঘটনাৰ উচিত তদন্তৰ দাবী জনাই মৃত গৃহৰক্ষী জোৱানজনৰ পৰিয়ালে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ ফুলেশ্বৰ নাথ নামৰ গৃহৰক্ষী জোৱানজনে শুকুৰবাৰে নিশা দুই বজাৰ পৰা হাস্পতালত তেওঁৰ ডিউটি থকাত নিশা দহ বজাত নিজ গৃহত ভাত খাই কতৰ্ব্যলৈ আহি হাস্পতালখনৰ চৌহদত থকা গৃহৰক্ষী বেৰেকলৈ যায়৷

নিশা এক বাজি সাত মিনিটত গৃহৰক্ষী জোৱান ফুলেশ্বৰ নাথৰ মৃতদহে বেৰেকৰ নিচেই কাষতে ৰহস্যজনকভাৱে তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ গৃহৰক্ষী জোৱানজনৰ মৃতদহেৰ কাষতে উদ্ধাৰ হয় জোৱানজনৰ থ্ৰী নট থ্ৰী ছাৰ্ভিচ ৰাইফল আৰু চেণ্ডেল৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত থকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷

হাস্পতালৰ সুৰক্ষাৰ দায়িত্বত থকা ৩৭ গৰাকী গৃহৰক্ষী জোৱানৰ ইনচাৰ্জ হিচাপে থকা অঞ্জন নাথে এইটো আত্মহত্যাৰ ঘটনা বুলি মন্তব্য কৰে৷ আনহাতে মৃত গৃহৰক্ষী জোৱানজনৰ পৰিয়ালে ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উথাপন কৰিছে৷ ইতিমধ্যে মৃত ফুলেশ্বৰ নাথৰ পৰিয়ালে এই ঘটনাৰ উচিত তদন্তৰ দাবীত আাৰক্ষী চকীত
এজাহাৰ দাখিল কৰিছে৷