আজিজ আলী
হাজো : হাজোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট। জল সংকটত ভুগিছে হাজোৰ জনসাধাৰণ ৰাইজ। প্ৰাপ্য দৰমহা বিচাৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট। ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে যোৱা এক ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্ম বিৰতি ঘোষণা কৰিছে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী পৰিষদৰ হাজো আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে হাজোত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিগত ১০-১৫ বছৰে বিনা বেতনে কাম কৰি অহা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে প্ৰাপ্য দৰমহা বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। প্ৰতিবাদকাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

হাজো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডল বিষয়াৰ কাৰ্যলয় চৌহদত অৰ্ধশতাধিক কৰ্মচাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ হায় হায়, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিত দাস মুৰ্দাবাদ, আমাৰ চাকৰি নিয়মীয়া কৰক আদি ধ্বনিৰে হাজোৰ আকাশ বতাহ উত্তাল কৰি তোলে। চাকৰি নিয়মীয়া কাৰণ নহ’লে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰায় ৯ হাজাৰ অস্থায়ী কৰ্মচাৰী সকলক প্ৰদান কৰা প্ৰতিশ্ৰুতি অতি শীঘ্ৰে ৰূপায়ন কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। যোৱা ১ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ আমি কৰ্ম বিৰতি আৰম্ভ কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে এক গণতান্ত্ৰিক জংগী আন্দোলন চলাই যাম বুলিও কয় প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে তেওঁলোকৰ দৰমহা মুকলি কৰাৰ লগতে চাকৰি নিয়মীয়া কৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।