আমিনগাঁও : দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক ছিটা প্ৰদানৰ লক্ষ্যৰে কামৰূপ জিলাত অহা ১০ আৰু ১১ ডিচেম্বৰত চলিব বিশেষ প্ৰতিষেধক প্ৰদান অভিযান। কামৰূপ জিলাত বৰ্তমানলৈকে ১১,৬৮,৫৪৮ জন লোকক ক’ভিডৰ প্ৰথম পালি আৰু ৭,১৮,৬৭৯ জন লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে।

সমগ্ৰ অসমৰ লগতে কামৰূপ জিলাতো অহা ১০ আৰু ১১ ডিচেম্বৰত চলিব ক’ভিডৰ বিশেষ প্ৰতিষেধক প্ৰদান অভিযান। বিশেষকৈ ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ সময় হোৱা বা প্ৰথম পালি ক’ভিড টিকা লৈ দ্বিতীয় পালি পৰিষেধক নোলোৱা অথবা লোৱাৰ সময় উকলি যোৱা ব্যক্তিসকলক এই অভিযানত সামৰি লোৱা হ’ব৷

এই বিশেষ অভিযানৰ বাবে কামৰূপ জিলাৰ স্বাস্থ্য কেন্দ্ৰসমূহকে ধৰি দুশৰো অধিক ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে৷ এই অভিযানৰ সময়ছোৱাত সকলো ব্যক্তিকে তেওঁলোকৰ নিকটৱৰ্তী ক’ভিড পৰিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ দ্বিতীয় পালি প্ৰতিষেধক ল’বলৈ কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা গোহাৰি জনোৱা হৈছে৷

উল্লেখযোগ্য যে এতিয়ালৈকে কামৰূপ জিলাত ১১,৬৮,৫৪৮ জন লোকক ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি আৰু ৭,১৮,৬৭৯ জন লোকক ক’ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত আছে।