ছায়গাঁও : ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। ৰেকিবুদ্দিন আহমেদ গ’বেগ, ৰেকিবুদ্দিন আহমেদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বিধায়ক গৰাকীক সমষ্টিৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজে। গাঁওখনৰ উন্নয়নৰ নমুনা প্ৰত্যক্ষ কৰিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কক আমন্ত্ৰণ জনালে গাঁওখনৰ ৰাইজে।

দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ এখন অখ্যাত গাঁও। গৰৈমাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত লাৰুৱাজান গাঁওখন স্বাধীনতাৰ ৭৫ বছৰ পিছতো দেখা নাই উন্নয়নৰ মুখ। গাঁওখনত বাট-পথৰ অভাৱত নৰক যন্ত্ৰনা ভূগিছে গাঁওবাসীয়ে। গাঁওখনৰ জৰাজীৰ্ণ বাট-পথৰ উন্নয়ৰ ক্ষেত্ৰত বিধায়ক ৰেকিবুদ্দিন আহমেদে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওখনৰ ৰাইজে।

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ওপৰত ক্ষোভ উজাৰি গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰি ৰেকিবুদ্দিন আহমেদ গ’বেক, ৰেকিবুদ্দিন আহমেদ মূর্দাবাদ ধ্বনিৰ পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী গাঁওবাসীয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদক গাঁওখনত ঘৰ সাজি কিছুদিনৰ বাবে থাকিবলৈ আহ্বান জনায়। গাঁওখনৰ উন্নয়ন নমুনা এবাৰ প্ৰত্যক্ষ কৰি যাবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়ক সকলকো গাঁওখনকৈ আমন্ত্ৰণ জনাইছে গাঁওখনৰ ৰাইজে।

গাঁওখনত বাট-পথ বুলিবলৈ একোৱে নাই গতিকে বছৰৰ ৯ টা মাহ টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হয় গঞা ৰাইজে। ৰাজ্য চৰকাৰৰ সকলো অভিলাসী আঁচনিৰ পৰা বঞ্চিত হোৱাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। প্ৰতিবাদকাৰী সকলে বিধায়ক ৰেকিবুদ্দিন আহমেদক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অনাগত দিনত ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক বিধায়কৰ চকীৰ পৰা উফৰাই দিব বুলি হুংকাৰ প্ৰদান কৰে।