গুৱাহাটী, ২৬ মে’ : বৃহস্পতিবাৰে (২৫ মে’) গুৱাহাটীৰ খাৰঘুলিত জল বোৰ্ডৰ নৱনিৰ্মিত পানীৰ পাইপ ফাটি সৃষ্টি হোৱা বৃহৎ পানীৰ সোঁতে অঞ্চলটোত মানুহ আৰু সম্পত্তিৰ বৃহৎ ক্ষতি সাধন কৰাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হোৱাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে (One lady died)। শুকুৰবাৰে (২৬ মে’) পুৱাৰ ভাগত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে সমগ্ৰ অঞ্চলটোৰ ক্ষয় ক্ষতিৰ বুজ লৈ ভুক্তভোগী পৰিয়াল কেইটাক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে অভিযোগ কৰে যে গুৱাহাটী জল বো’ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ গাফিলতিৰ ফলতে এই বৃহৎ অঘটন সংঘটিত হৈছে।

শেহতীয়াকৈ অঞ্চলটোত উদ্বোধন কৰা জাইকা পানী যোগান প্ৰকল্পৰ অংশ হিচাপে গেমন ইণ্ডিয়াই এই পানীৰ পাইপটো স্থাপন কৰিছিল। এই প্ৰকল্পৰ তদাৰক আৰু সঠিক ৰূপায়ণ নিশ্চিত কৰাৰ দায়িত্ব আছিল গুৱাহাটী জল ব’ৰ্ডৰ ওপৰত। সেয়ে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া, সহকাৰী সম্পাদক আনিচুৰ ৰহমান, অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক বিকাশ ডেকা লতাশিল থানাত উপস্থিত হৈ গুৱাহাটী জল ব’ৰ্ড আৰু এন জে ইঞ্জিনিয়াৰিঙৰ বিৰুদ্ধে নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ, অদক্ষ কাৰিকৰী কৰ্মীৰ হতুৱাই কাম কৰোৱা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগ আনি ৮১/২২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে।

ৰাইজৰ দলে ঘটনাৰ সঠিক কাৰণ নিৰ্ণয় কৰিবলৈ আৰু দায়বদ্ধ পক্ষক জবাবদিহি কৰাৰ বাবে দাবী জনায়। উল্লেখ্য যে পানী যোগানৰ পাইপ ফাটি যোৱাৰ ফলত সৃষ্টি হোৱা বৃহৎ পানীৰ ঢৌৰ ফলত সুমিত্ৰা ৰাভা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো ব্যক্তি আহত হয়। এই ঘটনাত চাৰিচকীয়া আৰু দুচকীয়া বাহনকে ধৰি বাহনসমূহৰ লগতে ওচৰৰ কেইবাটাও ঘৰৰ ব্যাপক ক্ষতিসাধন হয়। সেয়ে ৰাইজৰ দলে ক্ষতিগ্ৰস্তসকলক অতিশীঘ্ৰে পৰ্যাপ্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়। ইফালে চৰকাৰে নিহত মহিলা গৰাকীৰ নিকটাত্মীয়ক দুই লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰ লগতে ভুক্তভোগী সকলৰ ক্ষয়-ক্ষতিৰ বুজ লৈ যাবতীয় সাহাৰ্য্য প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ কৰিব বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে দিনৰ ৩ মান বজাত খাৰঘুলিত গেমন জাইকাৰ পানীৰ পাইপ বিস্ফোৰণ হৈ কেইবাজনো লোকৰ বিস্তৰ ক্ষতি সাধন হৈছিল। পানীৰ প্ৰচণ্ড ঢৌত পৰি সুমিত্রা ৰাভা নামৰ এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল। গেমন জাইকাৰ পানীৰ পাইপ বিস্ফোৰণৰ ফলত খাৰঘুলিৰ জয়পুৰ অঞ্চলত বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল। পানীৰ প্ৰচণ্ড ঢৌৱে জয়পুৰ অঞ্চলটোত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে উটুৱাই নিয়ে বহু লোক ঘৰ। এই ভয়ংকৰ ঘটনাত ৩০ গৰাকীতকৈও অধিক লোক আহত হৈছিল।

আহত সকলৰ ভিতৰত এগৰাকী ৮ বছৰীয়া শিশুও আছিল বুলি জানিব পৰা গৈছে। পানীৰ প্ৰচণ্ড সোঁতত নিহত সুমিত্রা ৰাভাৰ ঘৰটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। ঘটনাৰ পিছতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই কেইবাগৰকী লোকক উদ্ধাৰ কৰিছিল। ঘটনাৰ পিছতে স্থানীয় ৰাইজ ক্ষোভিত হৈ গেমন জাইকাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছিল। উল্লেখ্য যে গেমন জাইকেই দীর্ঘদিন ধৰি মহানগৰীত পানী যোগানৰ কাম কৰি আছে।