বঙাইগাঁও, ২৭ মে’ : পুনৰ কৰুণ মৃত্যু দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যুত ক্ষোভিত হৈ ৰাইজে অৱৰোধ কৰিলে পথ। সোণালী বান্দৰৰ মৃতদেহ কঢ়িয়াই নিবলৈ চিমেণ্টৰ বস্তা লৈ আহিল বন বিভাগৰ লোক। দুষ্প্ৰাপ্য সোণালী বান্দৰৰ সংৰক্ষণৰ নামত কোটি কোটি টকা খৰচ কৰা বুলি প্ৰচাৰ কৰা বন বিভাগৰ (Forest Department) এই কাৰ্যক তীব্ৰ গৰিহণা ৰাইজৰ। 

সোণালী বান্দৰৰ মৰণফান্দত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। বঙাইগাঁও জিলাৰ কাকৈজানাত (Kakoijana) সঘনাই ৰাষ্ট্ৰীয় ঘাইপথত মৃত অৱস্থাত উদ্ধাৰ হয় দুষ্প্ৰাপ্য সোণালী বান্দৰ। ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যোৱা তীব্ৰ বেগী বাহনে সংকট নমাই আনিছে কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ দুষ্প্ৰাপ্য সোণালী বান্দৰৰ প্ৰজাতিলৈ। শনিবাৰে পুনৰ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উদ্ধাৰ হ’ল এটা মৃত সোণালী বান্দৰ। 

বঙাইগাঁও জিলাৰ কাকৈজানাত ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত তীব্ৰ বেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুওৱালে এটা দুষ্প্ৰাপ্য সোণালী বান্দৰ। শনিবাৰে (২৭ মে’) পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ চেষ্টা চলোৱাৰ সময়তে অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় সোণালী বান্দৰটো। কাকৈজানাত উক্ত পথছোৱাত তীব্ৰ বেগী বাহনৰ খুন্দাত কেইবাটাও সোণালী বান্দৰ নিহত হোৱাৰ পিছটো সংশ্লিষ্ট বিভাগে কোনোধৰণৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ  অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  

বন বিভাগৰ লোক মৃত সোণালী বান্দৰৰ মৃতদেহটো কঢ়িয়াই নিবলৈ চিমেণ্টৰ বস্তালৈ দুর্ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ অধিক ক্ষোভিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে। এজন স্থানীয় লোকে বন বিভাগৰ ওপৰত ক্ষোভ উজাৰি কয় “বন বিভাগৰ লোক সোণালী বান্দৰটোৰ মৃতদেহ কঢ়িয়াই নিবলৈ চিমেণ্টৰ বস্তা লৈ অহাটো অতিকৈ লাজৰ কথা, এই বিয়াগোম বিভাগটো কাপোৰৰ ব্যৱস্থও কৰিব নোৱাৰিলে নেকি সোণালী বান্দৰটোৰ মৃতদেহ নিয়াৰ বাবে।”

বন বিভাগ আৰু জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই কাকৈজানাত এইদৰে এটাৰ পিছত আনটো সোণালী বান্দৰক তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে বুলিও ৰাইজে কয়। পৰৱৰ্তী সময়ত দুর্ঘটনাস্থলীত উত্তৰ শালমাৰা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ সোণালী বান্দৰটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। উল্লেখ্য যে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ বাবে বিখ্যাত।