আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰৰ মাছৰ বজাৰত মন পচন্দৰ মাছ বিচাৰি ৰাইজৰ ভিৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো ৰাইজে ভিৰ কৰিলে মাছৰ বজাৰ সমূহত। বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰা পৰিলক্ষিত হয় শিৱসাগৰৰ মাছৰ বজাৰ সমূহ। ৰৌ, বাহু, আৰি, বৰালী আৰু চিতল মাছৰ জুই চাই দাম।

ৰাজ্যজুৰি ভোগৰ উৎসৱ ভোগালীকলৈ উখল মাখল পৰিৱেশ। মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ। উৰুকা উদযাপনৰ ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই শিৱসাগৰবাসী। পুৱাৰ ভাগৰে পৰা শিৱসাগৰৰ বজাৰ সমূহত উৰুকাৰ সাজৰ বাবে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত ৰাইজ। বিশেষকৈ মাছৰ বজাৰ সমূহত দেখিবলৈ পোৱা যায় ব্যাপক ভিৰ।

ভোগৰ উৎসৱ ভোগালী বিহুক লৈ আনন্দত মতলীয়া শিৱসাগৰবাসী ৰাইজ। অসমীয়াৰ হেপাঁহৰ মাঘৰ বিহুৰ উৰুকাৰ নিশা এসাজ খাবলৈ ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ শিৱসাগৰৰ মাছৰ বজাৰ সমূহতো মাছ ক্ৰয় কৰিবলৈ ৰাইজৰ ভিৰ। ৰৌ, বাহু, চিতল, বৰালীকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰি পৰা বজাৰ সমূহৰ পৰা কোনোবাই যদি ৰৌ মাছ লৈছে আন কোনোবাই আকৌ ক্ৰয় কৰিছে প্ৰকাণ্ড চিতল মাছ৷

নিজৰ মন পচন্দৰ মাছ ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰিছে শিৱসাগৰ মাছৰ বজাৰত সমূহত। কোনোবাই মেজিৰ বাকৰিত লগৰীয়াৰ সৈতে ভোজ খাবলৈ কিনিছে মাছ কোনোবাই আকৌ উৰুকাৰ নিশা পৰিয়ালৰ সৈতে লগে ভাগে এসাজ তৃপ্তিৰে খোৱাৰ বাবে কিনিছে মাছ। ৰৌ, বাহু, চিতল, আৰি, বৰালী মাছৰ উজান উঠা পৰিলক্ষিত হয় শিৱসাগৰৰ মাছৰ বজাৰ সমূহত।