গুৱাহাটী, সংবাদ ৩৬৫, ১৩ জুলাই : বিগত দিনবোৰত নেৰানেপেৰাকৈ হৈ থকা প্ৰৱল বৃষ্টিপাতৰ বাবে অসমত বানপানী আৰু উত্তৰ-পূবৰ বাকীবোৰ ৰাজ্যত ভূমিস্খলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই বানপানী আৰু ভূমিস্খলনৰ ফলত বহুতো ৰে’ল লাইন ক্ষতিগ্ৰস্ত হৈছে । যাৰ বাবে বহুতো ৰেল লাইন মেৰামতি কৰিব লগীয়া হৈছে। সেইবাবে বহু ৰেলৰ পথ সলনি কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ-পূব সীমান্ত ৰেলৱে । এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই।

সেই অনুসৰি ত্ৰিভাণ্ডাৰাম এক্সপ্ৰেছ, আগৰতলা হামচাফাৰ এক্সপ্ৰেছ আনন্দ বিহাৰ ৰাজধানী এক্সপ্ৰেছ, নিউ দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ , শিলচৰ কাঞ্চনজংঘা, আগৰতলা কাঞ্চনজংঘা,আদি কেইবাখনো ৰেলৰ গতি পথ সলনি কৰিছে ৰেল বিভাগে।

ইয়াৰোপৰি, কেইবাখনো ৰেল ক্ৰমে গুৱাহাটী এক্সপ্ৰেছ, শিলচৰ এক্সপ্ৰেছ, শিলচৰ যাত্ৰীবাহী ৰেল, গুৱাহাটী যাত্ৰীবাহী ৰেল, বেংগালুৰু হামচাফাৰ এক্সপ্ৰেছ, শিলচৰ বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ, ডিব্ৰুগড় বৰাক-ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ৰেল বাতিল কৰা হৈছিল।