গোৱালপাৰা, ৩ আগষ্টঃ গোৱালপাৰাৰ শিমলীতোলা চাহ বাগিচাৰ শ্ৰমিকক যোগান ধৰা আটাত ৰবৰ-প্লাষ্টিক ওলোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই আটাৰ ৰুটি খাই বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য মতে, শিমলীতোলা চাহ বাগিচাৰ কেবাটাও পৰিয়ালে নিশা শ্ৰমিকৰ কাৰণে যোগান ধৰা আটাৰ ৰুটি খোৱাৰ পিছৰে পৰা পনীয়া শৌচ আৰু জ্বৰত অসুস্থ হৈ পৰে৷ আটাখিনিৰে ৰুটি প্ৰস্তুত কৰোতে প্লাষ্টিকৰ দৰে দীঘল হয় আৰু পুৰিলে প্লাষ্টিকৰ গোন্ধ ওলায়৷ ৰৱৰ-প্লাষ্টিক মিহলোৱা আটাখিনি কুকুৰক দিছে যদিও কুকুৰেও নাখায়৷  শ্ৰমিকৰ পৰিয়ালে আটাৰে ৰুটি বনোৱাৰ পৰিবৰ্তে স্থানীয় যুৱক সকলে আটাৰ পৰা ওলোৱা প্লাষ্টিকেৰে টেনিচ বল তৈয়াৰ কৰাতহে ব্যস্ত হৈছে৷  শ্ৰমিকে আহাৰৰ কাৰণে যোগান ধৰা আটাত বাহিৰা কোনো শক্তিৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে৷  আনহাতে শ্ৰমিক সকলৰ লগতে গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰই এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে৷