মিৰ্জা, ৪ অক্টোবৰঃ দক্ষিণ কামৰূপৰ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপৱৰ্তী বঙৰাত ৰাজ্যিক খেতিয়কৰ বঁ‌টাপ্ৰাপ্ত হুচেইন আহমেদৰ ভাড়াঘৰত সংঘটিত এক হত্যাকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বঙৰাৰ ৰাজ্যিক খেতিয়কৰ বঁ‌টাপ্ৰাপ্ত  হুচেইন আহমেদৰ বহুমুখী কৃষিপামত থকা ঘৰ ভাড়া লৈ থকা হানিফ আলী নামৰ ব্যক্তিজনৰ ভাড়াঘৰৰ চৌহদত এই হত্যাকাণ্ডটো সংঘটিত হয়৷ দীৰ্ঘদিন ধৰি ভাৰাত থকা হানিফ আলীৰ ঘৰত ফুৰিবলৈ অহা সৰমন আলী নামৰ লোকজনৰ লগত নিশা সৃষ্টি হোৱা সংঘাটৰ ফলতে এই হত্যাকাণ্ডটো সংঘটিত হয়৷ প্ৰাপ্ত তথ্য মতে, নিশা হানিফ আলী আৰু সৰমন আলীৰ মাজত কোনো কথাক লৈ সৃষ্টি হোৱা বাক বিতণ্ডাই শেষত হতাহতিৰ ৰূপ লয়৷ হতাহতি ক্ৰমান্ধয়ে মাৰপিটৰ পৰ্যায় পাইগৈ আৰু অৱশেষত হানিফ আলীয়ে সৰমত আলিক হত্যা কৰি ভাড়া ঘৰৰ চৌহদত থকা এটা খালৰ পেলাই দিয়ে৷ পিছত ঘটনাস্থলীত আজাৰা আৰক্ষী উপস্থিত হয় আৰু হানিফ আলীৰ পত্নী খুদিজা বিবি আৰু কন্যা হালিমা বেগমক আটক কৰে। বৰ্তমান আজাৰা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, হানিফ আলীৰ ঘৰ মৰিগাঁৱৰ জাগীৰোড থানাৰ অন্তৰ্গত কয়াদলৰ ৪ নম্বৰ ৱাৰ্ডত আনহাতে মৃত সৰমন আলীৰ মৰিগাঁৱৰ লাহৰি থানাৰ অন্তৰ্গত  বৰপুৰত।