বকো, ৩ অক্টোৱৰঃ ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্রসাৰণ বিলৰ বিৰুদ্ধে আজি কামৰূপ জিলাৰ বকোত ছয় ৰাভা সংগঠনে বিশাল গণসমাবেশ আয়োজন কৰে। নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সন্মিলন আৰু নিখিল ৰাভা জাতীয় পৰিষাদৰ যৌথ উদ্যোগত ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্রসাৰণ বিল ২০১৭ আৰু ৰাভা হাছংক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ দাবীত আয়োজন কৰা এই বিশাল গণসমাবেশত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আদৰণি ভাষণ আগবঢ়াই ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্রসাৰণৰ বিল ৰাভা হাছং এলেকাত কাৰ্যকৰি কৰিলে কংগ্ৰেছ চৰকাৰে অবৈধভাৱে ৰাভা হাছং এলেকাত জাপি দিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিতকৈ অধিক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হব পাৰে বুলি দোহাৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল দায়ী হব বুলি সকীয়াই দিয়ে। ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীয়ে বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে অসম বাচিবলৈ হলে ট্ৰাইবেল বেল্ট আৰু ব্লক বাচিব লাগিব। তেখেতে লগতে চৰকাৰখনৰ জনবিৰোধী কাৰ্যকলাপসমূহৰ বাবে চৰকাৰখনৰ জনপ্ৰিয়তা শূন্যলৈ নামি আহিছে বুলিও উল্লেখ কৰে। গণসমাবেশত মুখ্য অতিথি হিচাবে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই ৰাজ্যৰ ক্ষেত্ৰ সম্প্রসাৰণ কৰি চৰকাৰখনে খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ খৰ্ব কৰিব ওলাইছে বুলি মন্তব্য প্ৰকাশ কৰে। এই গনমাবেশত তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপেন মৌচাং টুমুং, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে, গাৰো ষ্টুডেন্ট ইউনিয়নৰ সভাপতি থেমৰাজ জি মমিন, আক্ৰাছৰ উপ-সভাপতি কমল ৰাজবংশী, নেপালী কল্যান পৰিষদৰ সম্পাদক কুনাল শৰ্মাকে ধৰি কেইবাটাও সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে।