গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ জামিন নাকচ কৰিলে আদালতে। এদিনৰ বাবে ৰাজকন্যা বৰুৱাক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিলে আদালতে। ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰাৰ নিৰ্দেশ। বৃহস্পতিবাৰে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ৰাজকন্যা বৰুৱাক।

বুধবাৰে জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীয়ে হাস্পতালখনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। অসুস্থ থাক বুলি দেখুৱাই ৰাজকন্যা বৰুৱাই জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত চিকিৎসাধীন হৈ আছিল। মেডিকেল বৰ্ডৰ প্ৰতিবেদনত ৰাজকন্যা বৰুৱা সুস্থ বুলি ধৰা পৰিছিল।

দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক চমন জাৰি কৰি থানাত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছিল। ৰাজকন্যা বৰুৱাৰ মাতৃয়ে কিন্তু ৰাজকন্যা বৰুৱা অসুস্থ থকা বুলি কাৰণ দেখুৱাই ৰাজকন্যা বৰুৱা তদন্ত বাবে থানাত হাজিৰ হব নোৱাৰিব বুলি আৰক্ষীক আবেদন জনাইছিল।

ৰাজকন্যা বৰুৱাৰ মাতৃয়ে আৰক্ষীৰ পৰা দুসপ্তাহৰ সময় বিচৰিছিল ৰাজকন্যা বৰুৱা থানাত হাজিৰ হোৱাৰ বাবে। ইয়াৰ পিছতে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মেডিকেল বৰ্ড গঠনৰ বাবে আবেদন জনাইছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে গঠন কৰিছিল ৬ জনীয়া চিকিৎসকৰ মেডিকেল বৰ্ড। এই মেডিকেল বৰ্ডৰ চিকিৎসক সকলে বুধবাৰে জি এন আৰ চি হাস্পতালত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰিছিল।

মেডিকেল বৰ্ডৰ প্ৰতিবেদনত ৰাজকন্যা বৰুৱা সুস্থ থকা বুলি স্পষ্ট হোৱাৰ পিছতে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল। বুধবাৰে নিশা থানাতে থকাৰ পিছত বৃহস্পতিবাৰে ৰাজকন্যা বৰুৱৰ স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীয়ে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে।

আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰি ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে পৰিবহন বিভাগক ৰাজকন্যা বৰুৱাৰ ড্ৰাইভাৰ লাইচেন্স জব্দ কৰি বাতিল কৰিবলৈও আদালতে নিৰ্দেশ দিয়ে। ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত মহতিয়াই নিছিল ৯ জনকৈ লোকক।

১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱাই ৰুক্মিণীগাঁৱত ৰাজপথ নিৰ্মাণ কৰি থকা ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল। ইয়াৰ এজন শ্রমিকে দুয়োখন ভৰি হেৰুৱাইছে। এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত কৰাৰ পিছতো ৰাজকন্যা বৰুৱাই ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছিল।

ৰাজকন্যা বৰুৱাৰ জামিন লাভৰ পিছতে দুর্ঘটনাৰ তদন্তকলৈ তীব্ৰ সমালোচনা সন্মুখীন হৈছিল দিছপুৰ আৰক্ষী। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ ভূমিকা আৰু দুৰ্ঘটনাৰ সঠিক তদন্তৰ বাবে নিৰ্দেশ দিছিল।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে ৰাজকন্যা বৰুৱাই সংঘটিত কৰা তদন্ত কৰা দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰা হয়। আনহাতে বুধবাৰে দুর্ঘটনাৰ পিছত এজন লোকক আক্ৰমণ কৰা বুলি আক্ৰমণৰ বলি হোৱা লোকজনে ৰাজকন্যাৰ বিৰূদ্ধে অনা এটা গোচৰ ৰুজু কৰে। লোকজন বৰ্তমান চিকিৎসাধীন হৈ আছে।

বুধবাৰে আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে। এদিন আৰক্ষীৰ জিম্মাত ৰখাৰ পিছত পুনৰ ৰাজকন্যা বৰুৱাক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব।