আব্দুল হক

নগৰবেৰা : লোক নিৰ্মাণ বিভাগত পালমৰা কাম কৰি জনৰোষত পৰিল বিভাগীয় ঠিকাদাৰ। নিৰ্মাণৰত অৱস্থাতেই এমূৰৰ পৰা খহিব ধৰিছে পথ। পথৰ তলত সৃষ্টি হৈছে সুৰংগৰ আৰ্হিৰ গাঁত, কানসাৰ নাই ঠিকাদাৰৰ। ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতিৰ কালইৰদিয়াৰ পৰা খাটিয়ামাৰীহৈ সুখোৱাঝাৰ বজাৰলৈ যোৱা পথটি প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। পথটিৰ ব্লকবোৰ বৰষুণৰ ফলত ভাঙি মাটিৰ তললৈ বহি গৈছে ফলত পথটিত সৃষ্টি হৈছে সুৰংগৰ আৰ্হিৰ গাঁত।

মৃণালজ্যোতি দাস নামৰ ঠিকাদাৰ জনে ৰাইজৰ অভিযোগক গুৰুত্ব প্ৰদান নকৰি নিম্নমানৰ পথ নিৰ্মাণ কৰাৰ বাবেই পথটিৰ এই অৱস্থা বুলি ৰাইজে অভিযোগ কৰিছে। পথটি নিৰ্মাণ সময়ত হেনো ব্যৱহাৰ কৰা হৈছিল নৈৰ বগা বালি। বান-ভুমিকম্পত নহয়, বালি সমূহ বৰষুণৰ পানীয়ে উটুৱাই নিয়াতহে ওলাই পৰিল পথটিৰ ব্লকৰ জঁকাবোৰ, ফলত নিৰ্মাণৰত পথ পুণৰ হৈ পৰিল জৰাজীৰ্ণ।

ৰাইজে বহু অভিযোগ কৰা স্বত্বেও ঠিকাদাৰ মৃণালজ্যোতি দাসে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাকৈ পালমৰা কাম কৰি পথ নিৰ্মাণৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ। উপায়বিহীন হৈ স্থানীয় ৰাইজে ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত সাব্যস্ত কৰিলে। সংশ্লিষ্ট বিভাগলৈও পথটিত দৃষ্টি নিক্ষেপৰ বাবে আহ্বান জনালে।ৰাইজে।