চৰাইদেউ, ১৩ জুনঃ অসমত নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰা, এন আৰ চিৰ কাম ক্ষীপ্ৰতাৰে সম্পন্ন কৰাৰ লগতে অসমত দ্বি-নাগৰিকত্ব, পূৰ্ণস্বায়ত্ব আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সমগ্ৰ অসমৰ লগতে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত শতাধিক কৰ্মকৰ্তাই ধৰ্ণা কাৰ্যসূচী ৰুপায়ন কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ ফুকন আৰু সাঃসম্পাদক ৰাজীৱ ৰাজকোঁৱৰৰ স্বাক্ষৰিত এখনি স্মাৰক-পত্ৰ জিলা প্ৰশাসনৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্র প্ৰেৰণ কৰে ।