গুৱাহাটী, ১ জুনঃ নেবক’ছৰ উদ্যোগত আয়োজিত নেবক’ছ মিডিয়া এৱাৰ্ডছ ২০১৭ ত বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱাক সাহিত্য-মুকুতা সন্মানেৰে সন্মানিত কৰা হয়৷ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱাক নেবক’ছ মিডিয়া এৱাৰ্ডছে সাহিত্য মুকুতা সন্মানেৰে সন্মানিত কৰে৷ ৰাম কুমাৰ বৰুৱা অসমৰ আগশাৰীৰ লেখক সকলৰ অন্যতম৷ অৱসৰ প্ৰাপ্ত চৰকাৰী বিষয়া বৰুৱাই কবিতা, গল্প, ঐতিহাসিক, ভ্ৰমণমূলক আদি বিভিন্ন গ্ৰন্থ ৰচনা কৰি পাঠকৰ দ্বাৰা বিপুল সমাদৃত হৈছে৷ সামাজিক-সাংস্কৃতিক-সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ কাৰণে বৰুৱাক সমতা সাহিত্য অকাডেমীয়ে ২০১৬ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য ৰত্ন সন্মানেৰে সন্মানিত কৰাৰ লগতে অসম সত্ৰ মহাসভা, অসম কবিতা অকাডেমী, অবিভক্ত কামৰূপ লোক সাহিত্য সংস্কৃতিক মঞ্চ, পাঠশালাৰ সত্য সন্ধানী সাহিত্য পৰিষদ, জাপৰিগোগ (মধ্যম খণ্ড) উন্নয়ন পৰিষদ, ভাৰতীয় কবি সংগম , ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ অসম ৰাজ্যিক মহিলা শাখা আৰু মালিগাঁও আঞ্চলিক মহিলা পৰিষদে বিভিন্ন সন্মানেৰে সন্মানিত কৰিছে৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাম কুমাৰ বৰুৱাক অনবদ্য অৱদানৰ কাৰণে পহিলা ব’হাগত ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত জাপি পিন্ধাই সন্মানিত কৰে৷ বিশিষ্ট লেখক ৰাম কুমাৰ বৰুৱাক অসম সাহিত্য সভাৰ এজন হিতৈষী সদস্য হোৱাৰ লগতে ভাৰতীয় পয়েত্ৰী ছ’চাইটিৰ সহযোগী সদস্য৷