লখিমপুৰ : লখিমপুৰ জিলাত সংঘটিত হৈছে এক শোকাবহ পথ দুর্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন মটৰ চাইকেলে। এই শোকাবহ পথ দুর্ঘটনাত থিতাতে নিহত হয় মটৰ চাইকেল চলাই অহা যুৱক এজনৰ।

লখিমপুৰ জিলাৰ হাৰমতিত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক শোকাবহ পথ দুর্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এএছ-২২-চি-২৪৮১ নম্বৰৰ এখন চিমেণ্ট ভৰ্তি ট্ৰাকৰ পিছফালে তীব্ৰ বেগেৰে অহা এআৰ-০৬-এ-২৩৬৪ নম্বৰৰ এখন মটৰ চাইকেলে খুন্দা মাৰে।

এই পথ দুর্ঘটনাত মটৰ চাইকেল চলাই অহা যুৱকজন থিতাতে নিহত হয়। জানিব পৰা মতে নিহত যুৱকজন অৰুণাচল প্ৰদেশৰ। বৰ্তমানলৈকে নিহত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। নিহত যুৱকজনৰ পৰিচয়ৰ বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।