ৰঙিয়া : ৰঙিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়াৰ ঘৰত নিশা ৰঙিয়া আৰক্ষীৰ অভিযান। আৰক্ষীৰ উমান পাই ড্ৰাগছ মাফিয়াজনৰ পলায়নৰ চেষ্টা। আৰক্ষীয়ে ড্ৰাগছ মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰাৰ পিছতো পলায়ন কৰিবলৈ সক্ষম ড্ৰাগছ মাফিয়াজন। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ড্ৰাগছ মাফিয়াজনৰ ভগ্নীক আটক কৰে ৰঙিয়া আৰক্ষীয়ে।

মঙলবাৰে নিশাৰ ভাগত ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত ৰঙিয়া আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। ৰঙিয়াৰ কুখ্যাত ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজৰ ঘৰত নিশা ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলায়। আৰক্ষীৰ উমান পাই কুখ্যাত ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজৰ পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে ৰেকিব আলীক লক্ষ্য কৰি গুলী চালনা কৰে।

আৰক্ষীৰ গুলীৰ পৰা ৰক্ষা পৰা কুখ্যাত ড্ৰাগছ মাফিয়া ৰেকিব আলী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তন্ন তন্ন কৈ ড্ৰাগছ মাফিয়া ৰেকিব আলী ঘৰত তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।আৰক্ষীৰ অভিযানত ৰেকিব আলীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ। জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ৩ লাখ ৩০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

৫১ গ্ৰাম ব্ৰাউন ছুগাৰসহ আৰক্ষীয়ে কুখ্যাত ড্ৰাগছ মাফিয়া ৰেকিব আলীৰ ভগ্নীক আটক কৰে। ৰঙিয়াৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। উল্লেখ্য যে কুখ্যাত ড্ৰাগছ মাফিয়া ৰেকিব আলী দীর্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেহা চলাই আহিছিল। পূৰ্বেও কেইবাবাৰো গ্ৰেপ্তাৰ হৈছে ৰেকিব আলী নামৰ ড্ৰাগছ মাফিয়াজন।