আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ অন্তিম দিন। ছোৱালী মহাবিদ্যালয়খনৰ বাৰ্ষিক যুৱ মহোৎসৱৰ অন্তিম দিনা পুৱাই মহাবিদ্যালয়খনৰ গেটৰ সন্মুখৰ পৰা উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।

মহাবিদ্যালয়খনৰ সকলো ছাত্ৰীয়ে মুখত মাস্ক পৰিধান কৰি এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বুধিন মিশ্ৰয়ে শুভাৰম্ভ কৰে এই শোভাযাত্ৰাৰ। অসমীয়া সমাজৰ পৰম্পৰাগত ৰীতি-নীতি প্ৰদৰ্শন কৰা হয় এই শোভাযাত্ৰাত।

জয়মতী, মুলাগাভৰুকে আদি কৰি অসমৰ বীৰ-বীৰাংঙ্গনা সকলৰ বিষয়েও এই শোভাযাত্ৰাৰ মাধ্যমেৰে ৰাইজৰ আগত তুলি ধৰাৰ প্ৰয়াস কৰা হয়। অসমীয়া কৃষিজীৱি ৰাইজৰ ছবিখনো তুলি ধৰাৰ প্ৰয়াস কৰে এই সাংস্কৃতিক শোভাযাত্ৰাত।

তিনি দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বাৰ্ষিক যুৱ মহোৎসৱৰ এই সাংস্কৃতিক শোভাযাত্ৰাৰে সফল সামৰণি পৰে। শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ এই শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ শতাধিক ছত্ৰীয়ে অংশগ্ৰহণ কৰে।