মানিকপুৰ ২৭ জুলাইঃ বঙাইগাঁৱৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কোকিলা দক্ষিণ পাৰাত বিদ্যুত বিভাগৰ বিৰুদ্ধে স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অঞ্চলটোত অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে বিদ্যুত পৰিবাহী খুঁটা আৰু তাঁৰসমূহৰ মেৰামতি নকৰাত স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ প্ৰতিবাদকাৰীসকলে শক্তিমন্ত্ৰী মুৰ্দাবাদ, বিদ্যুত বিভাগ হায় হায়, বাঁহ-কাঁঠৰ খুটাৰ পৰিৱৰ্তে বিদ্যুতবাহী খুঁটাৰ ব্যৱস্থা কৰক, অসম চৰকাৰ হায় হায় আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অঞ্চলটোত বিভাগটোৱে অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে বিদ্যুত পৰিবাহী খুঁটাৰ পৰিৱৰ্তে বিপদ সংকুল ভাবে বাঁহ আৰু গছৰ ঠাঁৰি খুঁটা ব্যৱহাৰ কৰাৰ লগতে বিদ্যুতবাহী তাঁৰসমূহ হাতেৰে নিচেই তলেৰে চুব পৰাকৈ উলমি থকাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ বিভাগটোৰ এনে গাফিলতিৰ ফলত অঞ্চলটোত যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। স্থানীয় লোকে শীঘ্ৰে গাওঁখনৰ বিদ্যুৎৰ সমস্যা সমাধান নকৰিলে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷