গুৱাহাটী, সংবাদ ৩৬৫, ২০ আগষ্ট : ১৭০ বছৰৰো অধিক পুৰণি আৰু ১.২ মিলিয়ন মানুহক নিযুক্তি দিয়াৰ উপৰিও ৩ মিলিয়নৰো অধিক চাহ বাগিচাৰ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল লোকক আৰু মহিলাসকলক সহায় কৰি আহিছে ভাৰতৰ চাহ উদ্যোগে ।

সম্প্ৰতি বহু বাধাৰ সন্মুখীন হৈছে চাহ উদ্যোগটো । চিৰস্থায়ীভাৱে বৰ্ধিত উৎপাদন ব্যয়, চাহিদা আৰু যোগানৰ মাজত অসামঞ্জস্যৰ ফলস্বৰূপে অত্যধিক যোগান, নিলামত উচ্চ লেন-দেন আৰু যথোচিত মূল্যৰ সন্ধানৰ ক্ষেত্ৰত সন্মূখীন হোৱা প্ৰত্যাহ্বানসমূহ , জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা প্ৰতিকূলতাসমূহ ইত্যাদিৰ প্ৰেক্ষাপটত হোৱা মূল্যৰ স্থবিৰতাৰ ফলস্বৰূপে উদ্যোগ ব্যয়ৰ চাপত পৰিছে । যাৰ বাবে উদ্যোগটোৰ অংশীদাৰ সকলে সমস্যা আৰু সম্ভাব্য সমাধানসমূহ সমাধান কৰিবলৈ ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰনালয়ে ১৪ আগষ্টত নতুন দিল্লীত আয়োজন কৰা এখন সভাত একত্ৰিত হয়।

তেওঁলোকৰ প্ৰত্যাহ্বানসমূহ আছিল – স্থবিৰ মূল্যই উৎপাদনৰ খৰছ বৃদ্ধি কৰাৰ লগতে অতিৰিক্ত যোগান ।

হস্তক্ষেপবোৰ আছিল – চাহিদা-যোগানৰ সমন্বয় পুনৰস্থাপন কৰা অৰ্থাৎ ৰপ্তানি বৃদ্ধি কৰা , ঘৰুৱা সেৱন বৃদ্ধি কৰা, চাহ অঞ্চলসমূহৰ সম্প্ৰসাৰণৰ নীতিৰ সমীক্ষা, কেঁচা পাতৰ বাবে নিম্নতম মাপকাঠিৰ মূল্য ,চাহ খণ্ডত চৰকাৰৰ সমাজ কল্যান আঁচনিসমূহ প্ৰয়োগ কৰা, নিলামৰ সংশোধন, চাহ উদ্যোগৰ বাবে আৰ্থিক সহায়ৰ পেকেজ আগবঢ়োৱা ।

উল্লেখযোগ্য যে ভাৰতৰ ভিতৰুৱা আৰু অনুন্নত ৰাজ্য সমূহৰ আৰ্থ-সামাজিক উন্নয়নতো বিশেষভাৱে প্ৰভাৱ পেলাইছে ভাৰতৰ চাহ উদ্যোগে । ভাৰত পৃথিৱীৰ ভিতৰত চতুৰ্থ সৰ্ববৃহৎ চাহ ৰপ্তানীকাৰী দেশ । এই মুঠ উৎপাদনৰ ৫০ শতাংশ চাহ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে আৰু তেওঁলোকে জীৱিকা নিৰ্বাহৰ বাবে এই উদ্যোগৰ ওপৰত নিৰ্ভৰশীল । এনে অৱস্থাত ভাৰতৰ চাহ উদ্যোগৰ এনে সংকট অতি চিন্তনীয় বিষয় ।