বটদ্ৰবা : শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত ইদ্ৰিছ‌ আলীক চিকিৎসালয়ত ভৰ্তি। এটি ৪ বছৰীয়া কন্যাক ধর্ষণ কৰিছিল ৭০ বছৰীয়া ইদ্ৰিছ‌ আলীয়ে।

ৰাজ্যত পুনৰ আৰক্ষীৰ গুলী চালনা। অপৰাধীক লক্ষ্য কৰি পুনৰ গুলী চালনা কৰিলে আৰক্ষীয়ে। এইবাৰ বটদ্ৰবাৰ এজন ধৰ্ষণকাৰীক লক্ষ্য কৰি গুলী চালনা কৰে আৰক্ষীয়ে। ৭০ বছৰীয়া ইদ্ৰিছ‌ আলী নামৰ এজন শিশু ধর্ষণকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।

বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিশু ধর্ষণকাৰী ইদ্ৰিছ‌ আলীক। পুঠিমাৰী গাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ইদ্ৰিছ‌ আলীয়ে শৌচাগাৰলৈ যোৱাৰ সময়ত আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ইদ্ৰিছ‌ আলীক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। ইদ্ৰিছ‌ আলীৰ ভৰিত আৰক্ষীৰ গুলী লাগি গুৰুত্বৰভাৱে আহত হয়।

যোৱা ১৯ এপ্ৰিলত ইদ্ৰিছ‌ আলীয়ে এটি ৪ বছৰীয়া কন্যা শিশুক চকলেট দিয়াৰ প্ৰলোভন দেখুৱাই ঘৰত নি ধর্ষণ কৰিছিল। কন্যা শিশুটিৰ মাতৃয়ে বটদ্ৰবা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল ইদ্ৰিছ‌ আলী। বুধবাৰে আৰক্ষীয়ে পুঠিমাৰী গাঁৱৰ পৰা ইদ্ৰিছ‌ আলীক গ্ৰেপ্তাৰ কৰিছিল।