যোৰাবাট : যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিছে যোৰাবাট আৰক্ষীৰ জালত।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যত জব্দ হৈছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিছে এজনৰ পিছত আনজন ড্ৰাগছ মাফিয়া। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰাবাহিক সাফল্যৰ মাজতে যোৰাবাট আৰক্ষীয়ে লাভ কৰিছে আন এক বৃহৎ সাফল্য।

এক গোপন খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৰাবাট আৰক্ষীৰ এটা দলে অভিযান চলাই এই বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে যোৰাবাটৰ ১৩ মাইলত অভিযান চলাই ১৫ টা চাবোনৰ বাকচত লুকুৱাই অনা ব্ৰাউন ছুগাৰখিনি জব্দ কৰে। দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ব্ৰাউন ছুগাৰখিনি মণিপুনৰৰ পৰা আহি ১৩ মাইলত বিক্ৰী কৰিবলৈ আহিছিল। জব্দকৃত ২০১ গ্ৰাম ওজনৰ ব্ৰাউন ছুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হব বুলি যোৰাবাট আৰক্ষীয়ে অনুমান কৰিছে।