মাজুলী : চিকিৎসালয়ৰ ভিতৰতে মহিলা কৰ্মচাৰীক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ। মাজুলীত সংঘটিত হৈছে এই ঘটনা। মুখত সোপা দি গড়মূৰ অসামৰিক চিকিৎসালয়ত কৰ্মৰত এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে। ছফাই কৰ্মীৰ তৎপৰতাত ৰক্ষা পৰে মহিলা গৰাকী।

শুকুৰবাৰে দিন দুপৰতে মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত এজন যুৱকৰ বিৰুদ্ধে এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।চিকিৎসালয়খনত কৰ্মৰত মহিলা কৰ্মচাৰী গৰাকীক অকলে থকা দেখি যুৱকজনে মুখত সোপা দি মহিলা কৰ্মচাৰী গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে।

মহিলা গৰাকী গড়মূৰ অসামৰিক চিকিৎসালয়ত চিটি স্কেন বিভাগৰ কৰ্মচাৰী। যুৱকজনে মহিলা গৰাকীৰ ওচৰত চিটি স্কেনৰ চিকিৎসকৰ খবৰ লবলৈ গৈ মহিলা গৰাকীক অকলে থকা দেখি এই যুৱকজনে মহিলা গৰাকীক ধৰ্ষণৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়খনৰ দুজন ছফাই কৰ্মীয়ে মহিলা গৰাকীক তৎপৰতাৰে ৰক্ষা কৰে বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ খবৰ পাই গড়মূৰ আৰক্ষীৰ দল উপস্থিত হয় চিকিৎসালয়খনত। আৰক্ষীয়ে যুৱকজনক আটক কৰিবলৈ যাওঁতে যুৱকজনে আৰক্ষী লৈ চোচা মৰাত দুজন লোক আহত হয়। আৰক্ষীয়ে পিছত যুৱকজনক আটক কৰিবলৈ সক্ষম হয় আৰু যুৱকজনক থানালৈ নিয়ে।