গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানাত এটা জিৰাফৰ মৃত্যু। ৰহস্যজনকভাৱে চিৰিয়াখানাত জিৰাফৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। চিৰিয়াখানাৰ কৰ্তৃপক্ষক জিৰাফৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে বনমন্ত্ৰী গৰকীয়ে।

বৃহস্পতিবাৰে নিশাৰ ভাগত অসম ৰাজ্যিক চিৰিয়াখানাত ৰহস্যজনকভাৱে মৃত্যু হয় এটা জিৰাফৰ। শুকুৰবাৰে পুৱাৰ ভাগত চিৰিয়াখানাৰ কৰ্মীয়ে গড়ালৰ ভিতৰত মৃত অৱস্থাত প্ৰত্যক্ষ কৰি জিৰাফটোক। গড়ালৰ ভিতৰত ডিঙিত ফাঁচ লাগি থকা অৱস্থাত জিৰাফটো উদ্ধাৰ হোৱাৰ পিছতে চিৰিয়াখানাৰ কর্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে।

ডিঙিত ফাঁচ লাগি জিৰাফটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ইয়াৰ পিছতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ কর্তৃপক্ষক জিৰাফটোৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে ২০২০ চনত মহীশূৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ দুটা জিৰাফ অনা হৈছিল। মৃত্যু হোৱা জিৰাফটোৰ বয়স ৪ বছৰ বুলি জানিব পৰা গৈছে।