আজিজ আলী
মুকালমুৱা : বৃহস্পতিবাৰে অসম বিধনাসভাৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা গো-সুৰক্ষা সংশোধনী বিধেয়ক গৃহত হয়। দিনৰ ভাগত সদনত গো-সুৰক্ষা বিধেয়ক গৃহত হয় আৰু নিশাৰ ভাগত জব্দ হয় চোৰাং গৰু ভৰ্তি বাহন।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে নিশা তালাচী অভিযান চলাই ৰঙাফালিত এখন গৰু ভৰ্তি ক’লা ৰঙৰ মেজিক ভেন জব্দ কৰে। ভেনখনৰ পৰা আৰক্ষীয়ে ৯ টাকৈ গৰু উদ্ধাৰ কৰে। ৰঙাফালিৰ পৰা নলবাৰীৰ মুকলমুৱা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ তালাচী চলাই বাহনখনৰ পৰা জব্দ কৰে চোৰাং গৰু।

গৰু সৰবৰাহ কৰা মেজিক ভেনখনৰ নম্বৰ এএছ-২৫-ডিচি-৮৫৮২। আৰক্ষীয়ে গৰু ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। লোক দুজন ক্ৰমে চপ্লাইকুছিৰ তাইজ উদ্দিন আলী আৰু সুৰাদীৰ আমচেৰ আলী।

ঘগ্ৰাপাৰ আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডিবিধি আইনৰ অধীনত ৬৩১/২১ নম্বৰৰ এক গোচ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধৃত লোক দুজনক। উল্লেখ্য যে বৃহস্পতিবাৰে সদনত গো-সুৰক্ষা বিধেয়জ গৃহত হোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে গৰু সৰবৰাহৰ লগত জড়িত বাহনৰ গৰকী শাস্তিৰ সন্মুখীন হ’ব বুলি জানিবলৈ দিছিল।