বাঘবৰ ১৭ জুলাইঃ বৰপেটাৰ বাঘবৰৰ মন্দিয়াত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া নামৰ বেচৰকাৰী সংস্থাই স্কুল চলো কাৰ্যসূচীৰ অধীনত ৫০ জন ছাত্ৰ ছাত্ৰীক স্কুল বেগ প্ৰদান কৰে৷ পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই বিদ্যালয় আধাতে এৰা ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অনাৰ উদ্দেশ্য স্কুল চলো কাৰ্যসূচী ৰূপায়ন কৰে। মন্দিয়া তিনিআলি চকৰ মন্দিয়া আৰক্ষী চকীৰ ওচৰত পপুলাৰ ফ্ৰন্ট অফ ইণ্ডিয়া মন্দিয়া অঞ্চলিক সমিতিৰ সভাপতি সাহাবউদ্দিনে সভাপতিত্বত বৃহত্তৰ বাঘবৰ সমষ্টিৰ কণ কণ ৫০ জন ছাত্ৰ-ছাত্ৰীক স্কুল বেগৰ লগতে বহী দিয়ে। সভাত মন্দিয়া উপ আৰক্ষী চকীৰ দায়িত্ববাহী বিষয়াৰ লগতে সমষ্টিটোৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সাহাবউদ্দিনে শিক্ষাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে সভাত বিশদভাবে আলোচনা কৰি প্ৰতিজন অভিভাৱকক ল’ৰা-ছোৱালীক বিদ্যালয়লৈ প্ৰেৰণৰ বাবে আহ্বান জনায়।