গুৱাহাটী : দৰং জিলাৰ অন্তৰ্গত ধলপুৰ উচ্ছেদকাণ্ডৰ তিনিমাহ সম্পূৰ্ণ হ’ল। ধলপুৰত উচ্ছেদ কৰা লোক সকল অবৈধ নাগৰিক বুলি বিভিন্ন সময়ত প্ৰচাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। এই লোক সকল প্ৰকৃততে অবৈধ নাগৰিক নেকি ? ধলপুৰৰ উচ্ছেদিত লোক সকলৰ নাগৰিকত্বকৰ লগতে অন্যান্য কেইবাটাও দিশক সাঙুৰি এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই “ধলপুৰঃ দ্য ট্ৰুথ বিহাইণ্ড” শীৰ্ষক তথ্যভিত্তিক প্ৰতিবেদন উন্মোচন কৰা হ’ল। জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলীৰ নেতৃত্বত এটা ১৫ জনীয়া দলে প্ৰস্তুত কৰা তথা সংখ্যালঘু অধ্যয়ন, গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, অসম তথা বিটিএডি নাগৰিক অধিকাৰ মঞ্চই যৌথভাৱে প্ৰকাশ কৰা এই ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদনখন বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত ৰাষ্ট্ৰৰ উদ্দেশ্যে উচৰ্গা কৰি উন্মোচন কৰে বিশিষ্ট অৰ্থনীতিবিদ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বোৰ্ড এফ ডাইৰেক্টৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনন্ত কলিতাই।

জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলীৰ নেতৃত্বত প্ৰস্তুত কৰা এই প্ৰতিবেদনখনৰ কেইটামান বিশেষ তথ্য দাঙি ধৰে জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলীয়ে। ধলপুৰৰ উচ্ছেদিত লোক সকল অবৈধ নাগৰিক বুলি প্ৰচাৰ হৈ থকা বিষয়টোক প্ৰাধান্য দি প্ৰথমে এই লোক সকলকৰ নাগৰিকত্বকলৈ তথ্য সংগ্ৰহ কৰা হয় বুলি জানিবলৈ দিয়ে জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলীয়ে। নাগৰিকত্ব সংক্ৰান্তীয় প্ৰশ্নত জমাশ্বেৰ আলীয়ে কয় যে ধলপুৰৰ ৫১৭ টা উচ্ছেদিত পৰিয়ালক সামৰি লোৱা এই ক্ষেত্ৰভিত্তিক অধ্যয়নত ৫১৭ টা পৰিয়ালৰ মূৰব্বীৰে নিজৰ নামত কিম্বা তেওঁৰ পূৰ্বপুৰুষৰ নামত লিগেচি ডাটা আছে। উক্ত লিগেচী ডাটাৰ ভিত্তিত তেওঁলোকৰ পৰিয়াল বৃক্ষৰ গৰিষ্ঠসংখ্যক লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে। ধলপুৰত যি এশটা পৰিয়ালৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা সম্পূৰ্ণ বাদ পৰিছে, সেই পৰিয়ালবোৰৰো পৰিয়াল বৃক্ষৰ যিসকল ধলপুৰৰ বাহিৰত ব্যৱহাৰ কৰিছে তেওঁলোকৰ নাম চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে।

প্ৰতিবেদনখন প্ৰস্তুতৰ মূল কৰ্ণধাৰ জমশ্বেৰ আলিয়ে লগতে কয় যে এই প্ৰতিবেদনখনৰ লক্ষ্য কাৰোবাক ৰক্ষণাবেক্ষণ নাইবা কাৰোবাক আক্ৰমণ কৰা নহয়। ধলপুৰ কেন্দ্ৰিক প্ৰশ্নবোৰৰ তথ্যভিত্তিক সত্য উদ্ঘাটন কৰাই ইয়াৰ প্ৰধান লক্ষ্য। এই তথ্যবোৰ যথেষ্ট চমকপ্ৰদ। জমশ্বেৰ আলীয়ে লগতে কয় যে ভাৰত চৰকাৰৰ লোকপিয়লৰ তথ্য অনুসৰি ১৯৭১ চনৰ মানচিত্ৰত ধলপুৰ নামৰ গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণপাৰে অৱস্থিত আছিল। সম্প্ৰতি ধলপুৰ নামৰ গাঁওখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত। ধলপুৰৰ নিকটৱৰ্তী ৯ খন গাঁৱত ১৯৭১ চনত ইয়াৰ দূৰ্গমতাৰ বাবে এজনো লোকৰ বসতি নাছিল বুলি প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ সময়ত তথ্য পোৱা গৈছে জানিবলৈ দিয়ে জ্যেষ্ঠ সাংবাদিক তথা মানৱাধিকাৰ কৰ্মী জমশ্বেৰ আলীয়ে। প্ৰতিবেদনখনি উন্মোচন কৰি বিশিষ্ট অৰ্থনীতিবিদ অনন্ত কলিতাই কয় যে বিগত ৯ টা বছৰ ধৰি ধলপুৰ কেন্দ্ৰিক বিবাদে ৰাজ্যখনৰ ৰাজনৈতিক বাতাবৰণ উত্তপ্ত কৰি ৰাখিছে। বিজেপি দল আৰু ইয়াৰ অংশীদাৰ সংগঠনবোৰে ধলপুৰক কেন্দ্ৰ কৰি চলাই থকা একপক্ষীয় প্ৰচাৰেৰে ৰাজ্যখনত সাম্প্ৰদায়িক বিভাজনৰ প্ৰয়াস চলাই আহিছে। মূলতঃ সমন্বয়মূখী অসমীয়া সমাজখনত সাম্প্ৰদায়িক বিভাজনৰ ৰাজনৈতিক অস্ত্ৰৰূপে ব্যৱহাৰ কৰা হৈছে ধলপুৰক।

অনুষ্ঠানত বিশিষ্ট আইনজীৱী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে ধলপুৰক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা প্ৰচাৰ কৰি আহিছে সেইবোৰলৈ লক্ষ্য কৰিলে এটাই কথা কব পাৰি যে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক বিধি ব্যৱস্থাৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দাবী কৰি আহিছে যে ধলপুৰত গুলী চালনাৰ পূৰ্বে দহ হাজাৰতকৈ অধিক লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল। অথচ জমশ্বেৰ আলীৰ নেতৃত্বাধীন দলটোৱে প্ৰস্তুত কৰা ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদনত ছিপাঝাৰ থানাত আৰক্ষীয়ে দাখিল কৰা এজাহাৰৰ প্ৰতিলিপিও সংযোজিত কৰা হৈছে। আৰক্ষীয়ে দাখিল কৰা এজাহাৰত সমবেত লোকৰ সংখ্যা দুই হাজাৰৰ পৰা আঢ়ৈ হাজাৰ বুলি উল্লেখ কৰাক লৈ বিশিষ্ট অধিবক্তা গৰাকীয়ে প্ৰশ্ন কৰে এনেস্থলত মিথ্যাচাৰী কোন? মুখ্যমন্ত্ৰী নে তেওঁৰ আৰক্ষী। আৰক্ষী ঘটনাস্থলীত আছিল। গতিকে, মুখ্যমন্ত্ৰীয়ে কিদৰে মিথ্যাচাৰী বক্তব্যৰে পৰিবেশ কলুষিত কৰি আহিছে সেয়া এই প্ৰতিবেদনে উদঙাই দিয়া বুলি বিশিষ্ট আইনজীৱী গৰাকীয়ে উল্লেখ কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানে কয় যে ধলপুৰত আজি যিবোৰ ঘটনা চলি আছে সেইবোৰ একমাত্ৰ ভাৰতীয় আইন, সাংবিধানিক বিধি-ব্যৱস্থাৰ বাবেই প্ৰত্যাহ্বানমূলক নহয়, বৰং এইবোৰ আন্তঃৰাষ্ট্ৰীয় বিধি ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী। ধলপুৰত মাথোঁ নাগৰিকৰ মৌলিক অধিকাৰ হৰণ কৰা হোৱা নাই, বৰং শিশু, মহিলাৰ বাবে স্বীকৃত অধিকাৰ সমূহো হৰণ কৰা হৈছে। এইবোৰ দিশ প্ৰতিবেদনখনত সুস্পষ্টভাৱে প্ৰতিফলিত হোৱা বুলি অধ্যাপক আব্দুল মান্নানে উল্লেখ কৰে। ধলপুৰৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন প্ৰতিবেদনখন উন্মোচনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট চিন্তাবিদ আব্দুল মান্নান, বিশিষ্ট আইনজীৱী হাফিজ ৰছিদ আহমেদ চৌধুৰী, বিশিষ্ট চিত্ৰশিল্পী মুবীন ৰাভা, সমাজকৰ্মী ৰতীশ ৰঞ্জন দেব, ফাৰুক আহমেদ, পাৰভেজ মাৰুফ ছুফী উপস্থিত থাকে। অসম চৰকাৰে দৰং জিলাৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযানৰ আজি তিনিটা মাহ সম্পূৰ্ণ হয়। বিগত তিনিটা মাহত ধৰি ধলপুৰৰ বাস্তৱ পৰিস্থিতিৰ এক ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই এই প্ৰতিবেদনখন দিছপুৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়।