নলবাৰী : মহিলা পৰা টকা লুটি নিলে চিলনী চোৰে। বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই ঘৰলৈ গৈ থকা অৱস্থাত চিলনী চোৰে মহিলাৰ পৰা লুটি নিয়ে পাঁচ লাখ টকা ভৰ্তি বেগ। অসম আৰক্ষীত কৰ্মৰত মহিলা গৰাকীৰ স্বামীও আছিল মহিলা গৰাকীৰ লগত।

বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলনী চোৰৰ সন্ত্ৰাস বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন সময়ত আৰক্ষীৰ নাকৰ তলতে চিলনী চোৰে টকা লুটি নিয়াৰ ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা যায়। চিলনী চোৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণী হৈ পৰিছে।

এইবাৰ আৰক্ষীৰ নাকৰ তলত নহয়, পত্নীৰ লগতে আৰক্ষীত কৰ্মৰত স্বামী থকা অৱস্থাত পত্নীৰ হাতৰ পৰা চিলনী চোৰে লুটি নিলে টকা ভৰ্তি বেগ। নলবাৰীত বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই স্বামীৰ লগত বাইকত গৈ থকা অৱস্থাত এগৰাকী মহিলাৰ পৰা পাঁচ লাখ টকা লুটি নিয়ে চিলনী চোৰে।

নলবাৰী জিলাৰ মাজদিয়াত সংঘটিত হৈছে এই ঘটনা। অলকা কলিতা নামৰ মহিলা গৰাকীয়ে ষ্টেট বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই লৈ ঘৰলৈ গৈ থকা সময়তে চিলনী চোৰে মহিলা গৰাকীৰ হাতৰ পৰা থপিয়াই নিয়ে টকা ভৰ্তি বেগখন। আৰক্ষীত কৰ্মৰত স্বামীৰ লগত বাইকেৰে গৈ মাজদিয়াৰ এখন দোকানত ৰৈ দিয়া সময়তে চিলনী চোৰে মহিলা গৰাকীৰ পৰা লুটি নিয়ে টকা ভৰ্তি বেগ।

এখন পালচাৰ বাইকত আহিছিল দুজনীয়া চিলনী চোৰৰ দলটো। টকাৰ বেগ লুটি তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে চিলনী চোৰৰ দলটো। নলবাৰী সদৰ থানাত গোচৰ দাখিল কৰিছে মহিলা গৰাকী। মহিলাৰ গৰাকীৰ স্বামী অসম আৰক্ষীত কৰ্মৰত আৰু সাংসদ নৱ শৰণীয়াৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বুলি জানিব পৰা গৈছে।