আমিনগাঁও : ‘যেতিয়া ক’ভিডৰ বৃহৎ দুৰ্যোগৰ সন্মুখীন হৈ মানৱতা প্ৰায় স্তব্ধ হৈ পৰিছিল, মোৰ মনত প্ৰায়ে সংবিধানৰ কেন্দ্ৰীয় বাৰ্তাই ভুমুকি মাৰিছিল। আমাৰ সাংবিধানিক প্ৰমূল্য ‘ভাতৃত্ব’ৰ অবিহনে মহামাৰীৰ বিৰুদ্ধে সফল যুঁজ কেতিয়াও সম্ভৱ নহ’লহেঁতেন।’ দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এইদৰে কয়।

আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মণ ক্ষেত্ৰত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমূহ কামৰূপ জিলাবাসী ৰাইজক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশৰ স্বাধীনতা সেনানী আৰু ডঃ বি আৰ আম্বেদকাৰকে ধৰি সংবিধান সভাৰ সমূহ সদস্যকে শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। উপায়ুক্ত গৰাকীয়ে গণৰাজ্য দিৱস উদযাপনৰ তাৎপৰ্য সম্পৰ্কত ব্যাখ্যা আগবঢ়াই সংবিধান প্ৰস্তুতি পৰ্ব সম্পৰ্কতো অৱলোকন কৰে।

ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ব ভাৰতীয় জীৱন দৰ্শনৰ চিৰ শ্বাশ্বত নীতি বুলি উল্লেখ কৰি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আৰু কয় যে এই প্ৰমূল্যৰ ধাৰা ভাৰত ভূমিত অনাদি কালৰ পৰাই প্ৰবাহমান হৈ আছে আৰু ইয়েই ৰাষ্ট্ৰ নিৰ্মাতাসকলক সঠিকভাৱে পথ প্ৰদৰ্শন কৰিছিল। প্ৰসংগক্ৰমে, জিলাখনৰ প্ৰগতিৰ খতিয়ান দাঙি ধৰি প্ৰতিজন নাগৰিকৰ বাবে মৰ্যাদাপূৰ্ণ আত্মনিৰ্ভৰ জীৱনযাত্ৰা, দ্ৰুত অৰ্থনৈতিক উন্নতি আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে গণৰাজ্য দিৱসৰ মুখ্য অতিথিৰ আসনৰ পৰা সমূহ জিলাবাসীকে আহ্বান জনায়।

অনুষ্ঠানৰ আৰম্ভণিতে মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। গণৰাজ্য দিৱস উদযাপনত জিলাখনৰ আৰক্ষী বাহিনীৰ পুৰুষ-মহিলাৰ দল আৰু গৃহৰক্ষী বাহিনীয়ে কুচ-কাৱাজ প্ৰদৰ্শন কৰে৷ অনুষ্ঠানত উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (আই আই টি, গুৱাহাটী)ৰ তৰফৰ পৰা দ্ৰোণ শ্ব’ৰ ব্যৱস্থা কৰে। গণৰাজ্য দিৱস উদযাপনৰ কাৰ্যসূচীত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা, ছয়গাঁও আৰু বকো সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে ৰেকিবুদ্দিন আহমেদ আৰু নন্দিতা দাসকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, আৰক্ষী প্ৰশাসন, সাধাৰণ নাগৰিক তথা সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰে।