পলাশবাৰী : তীব্ৰ বেগী মালবাহী ৰে’লে মহতিয়াই নিলে দুটাকৈ বনৰীয়া হাতীক। পুনৰ ৰে’লৰ খুন্দাত কৰুণ মৃত্যু বনৰীয়া হাতীৰ। বনৰীয়া হাতীৰ জাক এটা ৰে’ল লাইন পাৰ হৈ থকা সময়তে মালবাহী ৰে’লে খুন্দা মাৰে দুটা বনৰীয়া হাতীক।

পলাশবাৰীৰ গোঁসাইহাট উপাৰপাৰাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। ৰে’লৰ খুন্দাত এটা বনৰীয়া হাতীৰ মৃত্যুৰ লগতে আহত হৈছে আন এটা বনৰীয়া হাতী। মালিয়াটা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল বনৰীয়া হাতীৰ এটা জাক।

নিশা বনৰীয়া হাতীৰ জাকটো উপাৰপাৰাত ৰে’ল লাইন পাৰ হৈ থকা সময়তে গুৱাহাটীৰ পৰা দিল্লী অভিমুখী তীব্ৰ বেগী এখন মালবাহী ৰে’লে দুটাকৈ বনৰীয়া হাতীক খুন্দা মাৰে। মালবাহী ৰে’লৰ খুন্দাত এটাৰ বনৰীয়া হাতীৰ দুর্ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে ৰে’লৰ খুন্দাত আহত হোৱা আনটো বনৰীয়া হাতী নিশাই জংঘললৈ উভতি যায়।

বুধবাৰে নিশা কামাখ্যা-যোগীঘোপা ৰে’ল লাইনত এই কৰুণ ঘটনা সংঘটিত হয়। নিশাই বন বিভাগৰ লোক আৰু ৰে’ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটো ৰে’ল লাইনৰ পৰা আঁতৰাই ৰে’ল লাইন মোকোলাই দিয়ে। ৰে’লৰ খুন্দাত এইদৰে বনৰীয়া হাতীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে অঞ্চলটোত প্ৰায়ে বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। উক্ত অঞ্চলটোত বনৰীয়া হাতীৰ অহা-যোৱা কৰা ঠাই বুলি চাইনবোৰ্ড লিখি আৰি দিয়াৰ লগতে ৰে’লৰ গতি বেগ কমাই দিয়াৰ দাবী জনায় ৰাইজে।