নিউজ ডেস্ক : ৰে’ল বিভাগৰ পৰীক্ষাত অনিয়মৰ অভিযোগ। ক্ষোভিত হৈ উঠিল ছাত্ৰ সমাজ। প্ৰতিবাদকাৰী ছাত্ৰই ৰে’লপথ অৱৰোধ কৰাৰ লগতে অগ্নি সংযোগ কৰিলে ৰে’লত। পৰিস্থিতিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ।

বিহাৰত ৰে’ল বিভাগৰ পৰীক্ষাত অনিয়ম অভিযোগ উত্থাপন কৰি উত্তেজিত হৈ উঠিছে ছাত্ৰ সমাজ। ৰে’ল বিভাগৰ পৰীক্ষাত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভত জ্বলি উটিছে হাজাৰ হাজাৰ ছাত্ৰ। ক্ষোভিত ছাত্ৰই ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।

কেৱল প্ৰতিবাদতে থমকি ৰোৱা নাই ছাত্ৰ সকল। ছাত্ৰ সকলৰ ক্ষোভ হিংসাত্মক ৰূপ ধাৰণ কৰাত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিছে। বিহাৰৰ গয়া জংচনত প্ৰতিবাদকাৰী ছাত্ৰই ৰে’লপথ অৱৰোধ কৰাৰ লগতে ৰে’লত অগ্নি সংযোগ কৰে।

প্ৰতিবাদকাৰী সকলে ভভুৱা-পাটনা ইণ্টাৰচিটি এক্সপ্ৰেছত অগ্নি সংযোগ কৰাৰ লগতে কেইবাখনো ৰে’লত আক্ৰমণ চলাই ব্যাপক ক্ষতি সাধন কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতো শিলাবর্ষণ কৰে প্ৰতিবাদকাৰী ছাত্ৰ সকলে।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। ছাত্ৰ সমাজৰ বিক্ষোভৰ এই জুই উত্তৰ প্ৰদেশলৈ বিয়পি পৰা বুলি জানিব পৰা গৈছে। ইফালে ৰে’ল বিভাগে ঘটনাৰ তদন্তৰ বাবে এক কমিটি গঠন কৰিছে। ৰে’ল বিভাগে ছাত্ৰ সমাজৰ লগত এই সন্দৰ্ভত আলোচনা কৰা বাবেও পদক্ষেপ গ্ৰহণ কৰিছে।