বোকাজান : বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। বোকাজান আৰক্ষীৰ তালাচী অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি। এখন নম্বৰ বিহীন বাহনৰ পৰা আৰক্ষীয়ে তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি। গ্ৰেপ্তাৰ নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰী।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানৰ পিছতো ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। প্ৰতিদিনে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী অসম আৰক্ষীৰ জালত পৰিছে যদিও থমকি ৰোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী সকলে।

আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহকাৰী সকলে ৰাজ্যৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই আছে। ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী সকলৰ ড্ৰাগছ সৰবৰাহ বহু কৌশল বিফল কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।

বিশেষকৈ কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত কেইটাও উল্লেখযোগ্য সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী সকলক সহজে কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সুযোগ গ্ৰহণ কৰিবলৈ দিয়া নাই। ফলত নতুন নতুন কৌশল অৱলম্বন কৰিবলৈ বাধ্য হৈছে নাগালেণ্ডৰ ড্ৰাগছ সৰবৰাহকাৰী সকলে।

এখন নম্বৰ বিহীন বাহনেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ কাৰ্বি আংলংগ আৰক্ষীৰ জালত পৰিছে নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰী। কাৰ্বি আংলংগ জিলাৰ বোকাজান আৰক্ষীয়ে এখন নম্বৰ বিহীন ৱাগনা’ৰ বাহনত তালাচী চলাই জব্দ কৰে ৬৬০ গ্ৰাম ড্ৰাগছ। ৫১ টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি।

নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছখিনি নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত বোকাজান আৰক্ষীৰ তালাচীত ধৰা পৰে। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য ৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ধৃত নাগালেণ্ডৰ দুই ড্ৰাগছ সৰবৰাহকাৰীৰ ভিতৰত এগৰাকী মহিলা।