গুৱাহাটী : ২২ আৰু ২৩ মাৰ্চত পবিতৰা অভয়াৰণ্যত গঁড়ৰ পিয়ল কাৰ্য সফলতাৰে সম্পন্ন কৰা হয়। অভয়াৰণ্যখনত থকা গঁড়ৰ গণনা কাৰ্য সঠিকভাৱে কৰাৰ বাবে দুদিন নিৰ্ধাৰণ কৰি অভয়াৰণ্যখনক ৯ টা খণ্ডত বিভক্ত কৰা হৈছিল। এই কাৰ্য সমাপন কৰাৰ বাবে ১১ গৰাকী গণনাকাৰী আৰু ৯ গৰাকী পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছিল।

এই গণনা কাৰ্য ব্লক কাউন্ট পদ্ধতি প্ৰয়োগেৰে সম্পন্ন কৰা হয়।গণানাকাৰী আৰু নিৰীক্ষকৰ ভিতৰত বন বিষয়া থকাৰ উপৰি অৰণ্যক স্বেচ্ছাসেৱী অনুষ্ঠান, ডব্লিউ ডব্লিউ এফ, এলিফেন্ট ফাউণ্ডেশ্বন, স্থানীয় স্বেচ্ছাসেৱী সংস্থা হিপা আদিৰ পৰা নিৰ্বাচিত লোকক লোৱা হয় আৰু স্থানীয় জনসাধৰণে ইয়াত সক্ৰিয় সহযোগিতা আগবঢ়ায়।

তদুপৰি জিলা প্ৰশাসন, আৰু আৰক্ষী, সংৰক্ষণৰ লগত জড়িত সহযোগী জীপ চাফাৰি সংস্থা, হোটেল আৰু ৰিজৰ্টৰ মালিকসকলেও এই প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়। এই গণনা প্ৰক্ৰিয়াত ১০৭ টা গঁড় গণনা কৰা হৈছে। ইয়াৰ ভিতৰত ৩০ টা মতা গঁড়, ৫০ টা মাইকী গঁড় আৰু ২৭ টা গঁড়ৰ পোৱালী পোৱা গৈছে।

২০১৮ বৰ্ষৰ ১০২ টাৰ গঁড়ৰ বিপৰীতে এই বাৰৰ গণনাত ৫ টা গঁড়ৰ সংখ্যা বৃদ্ধি হৈছে। ৩৮.৮১ বৰ্গ কিলমিটাৰ এলেকা সামৰা পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য হ’ল গঁড়ৰ বাসস্থানৰ আটাইতকৈ ঘণত্বপূৰ্ণ এলেকা। উল্লেখ্য যে ২০১৪ বৰ্যৰ পৰা এতিয়ালৈকে এই অভয়াৰণ্যখনত কোনো গঁড়ৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই।