মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীৰ এখন পেট্ৰলিং বাহন যোৱা ১৮ তাৰিখে ঝাউডাঙাৰ সীমান্তত দুর্ঘটনা হৈ এখন খাৱৈত পৰিছিল। এই দুৰ্ঘটনাত দুজনকৈ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান পানীৰ মাজত নিখোজ হৈ পৰে। প্ৰায় ২৪ ঘণ্টা ধৰি এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ লগতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চিলাইছল।

স্থানীয় পাঁচজনকৈ লোকে ডুবাৰু হৈ জোৱান দুজনৰ মৃতদেহ উদ্ধাৰ কৰিছিল। দুৰ্ঘটনাৰ দিনাই বিয়লিৰ ভাগত হাটশিঙিমাৰীৰ ছানোৱাৰ হুছেইন নামৰ ডুবাৰু জনে সীমান্ত সুৰক্ষা বাহিনীৰ গাড়ী চালক ধৰ্মেন্দৰ কাছানাৰ মৃতদেহ পানীৰ তলৰ পৰা উদ্ধাৰ কৰাৰ লগতে দ্বিতীয় দিনা পুৱা প্ৰায় ১০ বজাত পানীত নিখোজ হৈ থকা জিতেন্দ কুমাৰ পাণ্ডেৰ মৃতদেহ তাৰাপদ দাস, নালুৰাম দাস, বিমল দাস আৰু সুনিল দাসে বৰশীৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

জোৱান দুনজৰ মৃতদেহ উদ্ধাৰ কৰা এই পাঁচজনকৈ লোকক বুধবাৰে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা সম্ভৰ্ধনা জনাই মানপত্ৰ প্ৰদান কৰা হয়। এই সম্বৰ্ধনা উপলক্ষে সীমান্তবৰ্তী ঝাউডাঙা হাইস্কুলত বিশিষ্ট সমাজ সেৱক আব্দুল হাকিমৰ সভাপতিত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাৰ জৰিয়তে উক্ত লোক কেইজনক নগদ ধন আৰু মানপত্ৰৰে সৰ্ম্ভধনা জনোৱাৰ লগতে উদ্ধাৰ অভিযানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহয়োগ কৰা লোক সকলকো এখনকৈ ফুলাম গামোচাৰে সৰ্ম্ভধনা জনোৱা হয়।

এই মানপত্ৰ বিতৰণ সভাত মুখ্য অতিথি হিচাপে জিলা আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোনোৱাল, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকিয়া, উপ-আৰক্ষী অধীক্ষক সাতকোকাই চাংসন, সীমান্ত সুৰক্ষা বাহিনীৰ ঝালোচৰ কেম্পৰ কমাণ্ডেণ্ট অমৰকে ধৰি বহু উপস্থিত থাকে। অনাগত দিনত সীমান্তৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত ৰাইজৰ এনে সহযোগিতা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে।