চন্দ্ৰপুৰ
১৪ জুলাই

চন্দ্ৰপুৰত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী চালনা। আৰক্ষীৰ লাঠীৰ প্ৰহাৰত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী। ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে ওলাই আহিছিল চন্দ্ৰপুৰ ছাত্ৰ সন্থা। ছাত্ৰ সন্থাৰ সদস্যৰ ওপৰত আৰক্ষীৰ লাঠী চালনাক কেন্দ্ৰ কৰি চন্দ্ৰপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মহানগৰ গুৱাহাটীৰ কাষৰীয়া অঞ্চল চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনক কেন্দ্ৰ কৰি প্ৰতিবাদ অব্যাহত আছে। চন্দ্ৰপুৰৰ মনোমোহা প্ৰকৃতিক পৰিৱেশৰ মাজত প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ বিৰুদ্ধে চন্দ্ৰপুৰবাসী ৰাইজে ধাৰাবাহিক প্ৰতিবাদ চলাই আছে। যোৱা ২৬ জুনৰ পৰাই চন্দ্ৰপুৰবাসীয়ে ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

বুধবাৰেও চন্দ্ৰপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহে চন্দ্ৰপুৰ ছাত্র সন্থাৰ সদস্য সকল। ছাত্ৰ সন্থাৰ সদস্য সকলে ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতা কৰি ৰাজপথ অৱৰোধ কৰে। ডাম্পিং গ্ৰাউণ্ডত জাৱৰ পেলাবলৈ যোৱা কেইবাখনো ট্ৰাক আৱদ্ধ কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে।

আৰক্ষীৰ বাধাকো নেওচি চন্দ্ৰপুৰ ছাত্ৰ সন্থাৰ সদস্য সকলৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ অব্যাহত ৰখাত আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠী চালনা কৰে। আৰক্ষীৰ লাঠীৰ প্ৰহাৰত কেইবাজনো প্ৰতিবাদকাৰী অহাত হয়। এই ঘটনাৰ পিছতে সমগ্ৰ চন্দ্ৰপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।