গুৱাহাটী : গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দুর্ঘটনা। উৰণীয়া সেঁতুৰ ওপৰত বাগৰিল এখন চাৰি চকীয়া বাহন। সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালকজন। সংকটজনক অৱস্থাত বাহনখনৰ চালকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ।

সোমবাৰে নিশাৰ ভাগত মহানগৰীৰ গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। উৰণীয়া সেঁতুৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই এখন চাৰি চকীয়া বাহন বাগৰি পৰাত গুৰুত্বৰভাৱে আহত হয় বাহনখনৰ চালকজন। দুর্ঘনৰ পিছতে উৰণীয়া সেঁতুৰ ওপৰত তীব্ৰ যানযঁতৰ সৃষ্টি হয়।

তীব্ৰ বেগেৰে অহা এএছ-১৩-এল-২৫৭৭ নম্বৰৰ এখন কে১০ বাহন নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ ডিভাইদাৰত খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে। দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ বাহনখনৰ চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

দুর্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা আৰক্ষীয়ে সুৰাৰ বটল উদ্ধাৰ কৰে। বাহনখনৰ চালকজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে দেওবাৰেও নিশাৰ ভাগত গণেশগুৰি উৰিণীয়া সেঁতুৰ ওপৰত এক পথ দুর্ঘটনা সংঘটিত হৈছিল। দুর্ঘটনাত এজন বাইক চালক থিততে নিহত হৈছিল।